নির্দেশনা উলংঘাৰে নুনমাটিৰ ইণ্ডিয়ান পাব্লিক স্কুলত শিক্ষার্থীক পাঠদান
ক’ভিড–১৯ৰ ভয়াৱহতাক ভেঙুচালি কৰি ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ ভয়ংকৰ কাণ্ড
নিয়মীয়া বাৰ্তা ৫ ছেপ্টেম্বৰঃ ক’ৰোনা ভাইৰাছে বিশ্বৰ অন্য দেশত সন্ত্রাস সৃষ্টি কৰাৰ পিছত ভয়াৱহ সন্ত্রাসৰ সৃষ্টি কৰিছে ভাৰতবর্ষত৷ সমান্তৰালকৈ ৰাজ্যত অভাৱনীয়ভাৱে বৃদ্ধি পাই আছে ক’ৰোনাত আক্রান্ত ৰোগীৰ সংখ্যাৰ লগতে মৃতকৰ সংখ্যা৷ তেনে সময়তে স্বাস্থ্য বিভাগৰ নীতি–নির্দেশনাক বুঢ়া আঙুলি দেখুৱাই একাংশ ব্যক্তিগত বিদ্যালয়ে প্রশাসনৰ অজ্ঞাতে চলাই গৈছে পাঠদান৷ তেনে এক অনুৰূপ ঘটনা সংঘটিত হৈছে মহানগৰীৰ মাজমজিয়াৰ নুনমাটি থানাৰ অন্তর্গত নেপালী চ’কৰ ইণ্ডিয়ান পাব্লিক স্কুল নামৰ এখন ব্যক্তিগত বিদ্যালয়ত৷ শুকুৰবাৰে পুৱাৰ ভাগত এক বিশেষ সূত্রৰ পৰা জানিব পাৰি বিদ্যালয়খনত প্রৱেশ কৰাত পোনতেই পৰিলক্ষিত হ’ল বিদ্যালয়খনত কোনো সামাজিক দূৰত্ব নমনাকৈ প্রায় অর্ধশতাধিক ছাত্র–ছাত্রীয়ে পাঠদান গ্রহণ কৰি থকাৰ দৃশ্য৷ লগতে বিদ্যালয়খনত নাই কোনো ছেনিটাইজাৰ অথবা হাত ধোৱাৰ ব্যৱস্থা৷ যোৱা প্রায় এসপ্তাহ ধৰি এনেদৰে পাঠদান কৰাই থকা বুলি স্থানীয় লোকে জানিবলৈ দিছে৷ তদুপৰি, বিদ্যালয়খনত পাঠদান কৰোৱাই থকা শিক্ষকজনক সাংবাদিকে সোধাত ছাত্র–ছাত্রীৰ কিছু জানিব লগা থকাত বিদ্যালয়লৈ আহি এনেদৰে শিক্ষা গ্রহণ কৰি থকা বুলি কয়৷ কিন্তু কিয় একেলগে সামাজিক দূৰত্ব নামানি এনেদৰে পাঠদান কৰোৱা হ’ল বুলি জানিব বিচৰাত শিক্ষকজনে আজি ইমান ছাত্র–ছাত্রী হ’ব বুলি হেনো গমেই নাপায় বুলি উল্লেখ কৰে৷ উল্লেখ্য যে যি সময়ত ৰাজ্যৰ শিক্ষামন্ত্রীয়ে যোৱা মার্চ মাহৰ পৰা বন্ধ হৈ থকা ৰাজ্যৰ বিদ্যালয়সমূহ পুনৰ খোলাৰ বাবে প্রথম অৱস্থাত চলিত মাহৰ ১ ছেপ্ঢেম্বৰ পৰা পৰিকল্পনা হাতত লৈছিল৷ কিন্তু ৰাজ্যত শেহতীয়া ক’ৰোনাৰ ভয়াৱহ পৰিস্থিতিৰ বাবে অহা ১ অক্টোবৰলৈ পিছুৱাই দিয়া হৈছে বিদ্যালয়সমূহ খোলাৰ পৰিকল্পনা৷ কিন্তু তেনে সময়তে কেন্দ্রীয় শিক্ষা বিভাগৰ(CBSE) অন্তর্গত নুনমাটি ইণ্ডিয়ান পাব্লিক স্কুল কর্তৃপক্ষই নিজৰ মইমতালিৰে প্রশাসনৰ অজ্ঞাতে চলাই আছে পাঠদান৷ ফলত ছাত্র–ছাত্রীৰ লগতে পৰিয়ালৰ স্বাস্থ্যৰ প্রতি নামি আহিছে তীব্র ভাবুকি৷