নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এইখন বাইক চলাবলৈ নালাগে কোনো ড্ৰাইভিং লাইচেন্স, মাত্র ৭ টকাৰ বিদ্যুৎ খৰচ কৰিলে চলিব ১০০ কিলোমিটাৰ!

নিয়মীয়া বাৰ্তা, ৬ ছেপ্টেম্বৰ: দৈনিক বৃদ্ধি পাবলৈ ধৰা পেট্র’ল-ডিজেলৰ আকাশলংঘী দামে জ্বলা কলা খুৱাইছে সাধাৰণ জনসাধাৰণক। যাৰ বাবে ভাৰতত বৈদ্যুতিক গাড়ীৰ জনপ্ৰিয়তা ক্রমশ বৃদ্ধি পাইছে।

এই বিষয়টো আগত ৰাখিয়ে নতুন ইলেক্ট্রিক বাইক লঞ্চ কৰিছে হায়দৰাবাদৰ অটোমোবাইল ষ্টার্টআপ সংস্থা Atum 1.0-এ। দেশৰ মধ্যবিত্ত মানুহৰ কথা ভাবিয়ে এই ইলেক্ট্রিক বাইক বজাৰলৈ আনিছে সংস্থাটোৱে।

লিথিয়াম আয়ন বেটেৰিৰ দ্বাৰা চালিত এই বাইকৰ সর্বোচ্চ গতিবেগ ঘণ্টাত ২৫ কিলোমিটাৰ। বাইকৰ এই লিথিয়াম আয়ন বেটেৰি সম্পূর্ণ চার্জ হবলৈ সময় লাগে ৪ ঘণ্টা। সংস্থাটোৱে জনাইছে, এই বেটেৰি সম্পূর্ণ চার্জ হবলৈও মাত্র ১ ইউনিট বিদ্যুৎ খৰছ হয়।

 সংস্থাটোৰ দাবী, বেটেৰি সম্পূর্ণ চার্জ হ’লে এই বাইকে ১০০ কিলোমিটাৰ পর্যন্ত যাব পাৰিব। অর্থাৎ, মাত্র ৭-১০ টকাৰ বিদ্যুৎ খৰছ কৰিলেই ১০০ কিলোমিটাৰ মাইলেজ দিব Atum 1.0-এ। ক্লাছিক লুক, এলইডি লাইট, ইণ্ডিকেটৰৰ দৰে প্রয়োজনীয় প্রায় সকলোসামগ্ৰীয়ে আছে এই ইলেক্ট্রিক বাইকখনত।

আনহাতে গুৰুত্বপূৰ্ণ কথাটো এয়ে যে এই বাইক চলাবলৈ নালাগে কোনো লাইচেন্স।

উল্লেখ্য যে হায়দৰাবাদৰ অটোমোবাইল সংস্থাৰ প্রায় তিনি বছৰৰ চেষ্টাত তৈয়াৰী এই ইলেক্ট্রিক বাইকৰ দাম মাত্ৰ ৫০ হাজাৰ টকা।

You might also like