নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পাকিস্তানৰ মহিমা! হিজবুলৰ মুৰব্বী ছাহাবুদ্দিন আইএছআইৰো এগৰাকী ‘বিশ্বস্ত’ বিষয়া

নিয়মীয়া বাৰ্তা, ৭ ছেপ্টেম্বৰঃ সন্ত্রাসবাদী সংগঠনৰ সৈতে কুখ্যাত পাক চোৰাংচোৱা সংস্থা আই এছ আইৰ প্রত্যক্ষ সম্পর্ক থকাৰ কথা ভাৰতৰ উপৰি বিশ্বৰ বিভিন্ন দেশে সঘনে ঘোষণা কৰি আহিছে৷ বাৰে বাৰে পাক চৰকাৰে এই অভিযোগ অগ্রাহ্য কৰিছে যদিও শেহতীয়াকৈ হিজবুল মুজাহিদীনৰ মুৰব্বী ছয়ীদ ছাহাবুদ্দিন আই এছ আইৰ এগৰাকী ‘বিশ্বস্ত’ বিষয়া বুলি সংস্থাটোৱে প্রমাণ–পত্র দিয়াৰ তথ্য আহি পৰিছে নিৰাপত্তা সংস্থাৰ হাতত৷

আই এছ আয়ে ছাহাবুদ্দিনক নিজৰ বিষয়া বুলি দিয়া এই প্রমাণ–পত্রৰ প্রতিলিপি ভাৰতীয় নিৰাপত্তা সংস্থাৰ হাতত পৰাৰ পিছতে আন্তর্জাতিক ক্ষেত্রত পাকিস্তান সমস্যাৰ সন্মুখীন হোৱাৰ আশংকা সৃষ্টি হৈছে৷ চলিত বর্ষৰ অক্টোবৰ মাহত ফাইনানচিয়েল একচন টাস্ক ফ’চ (এফএটিএফ)ৰ তৰফৰ পৰা পাক চৰকাৰে সন্ত্রাসবাদৰ বিৰুদ্ধে কেনেধৰণৰ স্থিতি গ্রহণ কৰিছে সেই লৈ পর্যালোচনা চলোৱা হ’ব৷

ইয়াৰ পূর্বেই ছাহাবুদ্দিনক সংস্থাটোৱে বিশ্বস্ত বিষয়া বুলি প্রমাণ–পত্র দিয়া ঘটনাই পাকিস্তানক সংকটত পেলোৱাৰ সম্ভাৱনা প্রকট হৈছে৷ স্মর্তব্য যে হিজবুল মুজাহিদীনৰ মুৰব্বী ছাহাবুদ্দিনে ইউনাইটেড জিহাদ কাউঞ্চিল (ইউজেচি)কো নেতৃত্ব দি আহিছে৷ এই সন্ত্রাসবাদী সংগঠনটো পাক সেনাই গঠন কৰিছে৷ জম্মু–কাশ্মীৰত ভাৰতবিৰোধী কূটাঘাত বৃদ্ধি কৰাৰ উপৰি সকলো সন্ত্রাসবাদী সংগঠনক ঐক্যবদ্ধ কৰিবলৈ পাক সেনাই ইউ জে চি গঠন কৰাৰ তথ্য ইতিপূর্বে ভাৰতীয় চোৰাংচোৱাই সদৰী কৰিছে৷

স্মর্তব্য যে আই এছ আয়ে ছাহাবুদ্দিনক দিয়া গুৰুত্বপূর্ণ প্রমাণ–পত্র তথা নথি অনুসৰি সন্ত্রাসবাদী নেতাজনক দেশখনৰ কোনো তালাচী চকীত বাধা প্রদান কৰিব নোৱাৰে৷ চলিত বর্ষৰ ৩১ ডিচেম্বৰলৈ ম্যাদ আছে এই প্রমাণ–পত্রৰ৷ ইতিমধ্যে ভাৰতে ছাহাবুদ্দিনক আই এছ আয়ে দিয়া এই প্রমাণ–পত্র আন্তর্জাতিক মঞ্চত মুকলি কৰাৰ চিন্তা–চর্চা চলাইছে৷ তাৎক্ষণিকভাৱে ইছলামাবাদে এই সন্দর্ভত কোনো প্রতিক্রিয়া প্রকাশ কৰা নাই৷

You might also like