নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ঘুণাসুঁতিত ঘোঁৰাগাডীত উঠাই চিকিৎসালয়লৈ নিলে প্রসূতিক

নিয়মীয়া বার্তা, ৩ ডিচেম্বৰঃ ৰাজ্যৰ ক্ষমতাধিষ্ঠিত চৰকাৰখনে নৱপ্রজন্মক সম্পদৰূপে গঢ় দিবলৈ প্রসূতি মাতৃসকলৰ বাবে বিভিন্ন আঁচনি ৰূপায়ণৰ লগতে উন্নতমানৰ যোগাযোগ আৰু চিকিৎসাৰ বাবে সু–ব্যৱস্থা কৰাৰ সময়তে এগৰাকী প্রসূতিক চিকিৎসালয়লৈ নিবলৈ এম্বুলেঞ্চৰ সলনি ঘোঁৰাগাড়ীত উঠাই নিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে ৷ এই দুর্ভাগ্যজনক ঘটনা সংঘটিত হৈছে লখিমপুৰ জিলাৰ উত্তৰ লখিমপুৰ উন্নয়ন খণ্ড তথা বগীনদী খণ্ড প্রাথমিক চিকিৎসালয়ৰ অধীনৰ ঘুণাসুঁতিৰ দাম্বুকিয়াল ফুলবাৰী গাঁৱত ৷ গাঁওখনৰ বর্ণালী মিলি নামৰ প্রসৱ বেদনাত ছটফটাই থকা এগৰাকী প্রসূতিক চিকিৎসাৰ বাবে চিকিৎসালয়লৈ নিবৰ বাবে গাঁওখনৰ ৰাইজে ব্যৱহাৰ কৰিবলগীয়া হয় ঘোঁৰাগাড়ী ৷ একৈশ শতিকাতো উন্নয়নৰ মুখ নেদেখা এই ঘুণাসুঁতি পঞ্চায়তত জৰুৰীকালীন চিকিৎসাৰ বাবে নাই চিকিৎসালয়, নাই বাট–পথৰ সুচল ব্যৱস্থা ৷ তেনে পৰিস্থিতিত সময়মতে গাড়ী বা এম্বুলেঞ্চ যোগাৰ কৰিব নোৱাৰি নিশাৰে পৰা প্রসৱ বেদনা আৰম্ভ হোৱা প্রসূতিগৰাকীক গাঁওখনৰ ৰাইজৰ সহযোগত ঘোঁৰাগাডীত উঠাই লখিমপুৰ সদৰস্থিত অসামৰিক চিকিৎসালয়ত চিকিৎসাৰ বাবে লৈ গৈছিল সোৱণশিৰি নদীৰ ঘাগৰমুখ ঘাটলৈকে ৷ কেৱল ইমানেই নহয়, সোৱণশিৰি নদীৰে দুটাকৈ ঘাট পাৰ হ’বলৈ গৈ মাজৰ বালিচৰতো প্রসূতিগৰাকীক গাঁওখনৰ ৰাইজে বাঁহৰ সাঙীত তুলি সিটো ঘাটলৈ লৈ যাবলগীয়া হৈছিল ৷ আনহাতে ৰাইজৰ ভোটেৰে ১৯৮৫ চনৰ পৰাই অগপ বিধায়ক উৎপল দত্তই ঘুণাসুঁতিৰ ৰাইজক প্রতিনিধিত্ব কৰি আহিছে ৷ বিধায়কগৰাকীৰ পূর্বৰ আর্থিক অৱস্থাৰ পৰিৱর্তন ঘটিল যদিও পৰিৱর্তন নহ’ল ঘুণাসুঁতিবাসীৰ ভাগ্য ৷ যোগাযোগ ব্যৱস্থাৰ উন্নয়নৰ পৰা বঞ্চিত হৈ আজিৰ ডিজিটেল যুগতো প্রসূতিৰ জীৱনৰ প্রতি সংশয় সৃষ্টি হোৱাৰ দৰে ঘটনাৰ সন্মুখীন হ’বলৈ বাধ্য হৈছে পঞ্চায়তবাসী ৰাইজ ৷

You might also like