মঠঘৰীয়াত মাৰণাস্ত্র দেখুৱাই পথচাৰীক লুটপাত
লকডাউন শিথিল–নৈশ সান্ধ্য আইন প্রত্যাহাৰৰ পিছতেই মহানগৰীত সক্রিয় অপৰাধী চক্র
নিয়মীয়া বাৰ্তা, ৮ ছেপ্টেম্বৰঃ ক’ৰোনা মহামাৰীক লৈ চৰকাৰ–প্রশাসনে সমগ্র ৰাজ্যৰ লগতে গুৱাহাটী মহানগৰীত বিগত প্রায় ছমাহ কাল লকডাউন তথা সান্ধ্য আইন বলৱৎ কৰাৰ ফলত মহানগৰীত অপৰাধজনিত ঘটনা কিছু পৰিমাণে হ্রাস পাইছিল৷ সাম্প্রতিক পৰিস্থিতিৰ প্রতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰে মহানগৰীত চলি থকা নৈশ সান্ধ্য আইন তথা সাপ্তাহিক লকডাউন অলপতে প্রত্যাহাৰ কৰাত পুনৰ বৃদ্ধি পাইছে অপৰাধজনিত ঘটনা৷
নৈশ সান্ধ্য আইন প্রত্যাহাৰ কৰাৰ পিছতেই মহানগৰীৰ বিভিন্ন প্রান্তত পুনৰ সক্রিয় হৈ উঠিছে অপৰাধী চক্র৷ ক্রমাৎ গুৱাহাটী মহানগৰী স্বাভাৱিক অৱস্থালৈ ঘূৰি অহাৰ সমান্তৰালকৈ চুৰি–ডাকইতিকে ধৰি মহানগৰীত অন্যান্য অপৰাধজনিত ঘটনা উদ্বেগজনকভাৱে বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে৷ ক’ৰোনা মহামাৰীৰ আতংকৰ মাজতেই গাড়ীচুৰিকে ধৰি ৰাজপথত চলাচল কৰা মহিলাৰ ডিঙিৰ চেইন থপিয়াই নিয়া ঘটনা পুনৰ বৃদ্ধি পোৱাত মহানগৰবাসীয়ে গভীৰ উদ্বেগ প্রকাশ কৰিছে৷
মহানগৰীৰ নুনমাটি থানাৰ অন্তর্গত মঠঘৰীয়াত এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হয়৷ আৰক্ষী সূত্রই জনোৱা মতে পৰহি নিশা ১০.৩০ বজাত মঠঘৰীয়াৰ শান্তিপুৰত ছজনীয়া দুর্বৃত্তৰ দলে জয়ন্ত বর্মন নামৰ এজন যুৱকক পিষ্টল দেখুওৱাৰ উপৰি ছুৰীৰে উপর্যুপৰি আক্রমণ কৰি লুটপাত চলায়৷ ছজনীয়া দুর্বৃত্তৰ দলে যুৱকজনৰ ডিঙিৰ পৰা সোণৰ চেইনৰ লগতে কিছু নগদ ধন লুট কৰি উধাও হয় বুলি ভুক্তভোগী যুৱকজনে জানিবলৈ দিছে৷
নিশা মহানগৰীৰ ৰাজপথত দুর্বৃত্তই যুৱকজনক প্রাণে মৰাৰ চেষ্টা চলোৱাৰ লগতে ধন–সোণ লুট কৰাৰ এই ঘটনা সন্দর্ভত ভুক্তভোগী যুৱকজনে নুনমাটি থানাত এজাহাৰ দাখিল কৰাত আৰক্ষীয়ে গোচৰ এটা ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে৷
ইপিনে, দুর্বৃত্তৰ আক্রমণত আহত হোৱা যুৱকজনক পৰিয়ালৰ লোকে হাস্পতাললৈ প্রেৰণ কৰে যদিও যুৱকজনৰ অৱস্থা সম্প্রতি সংকটমুক্ত বুলি জানিব পৰা গৈছে৷ অৱশ্যে তদন্তৰ পিছতহে প্রকৃত ঘটনা পোহৰলৈ আহিব বুলি নুনমাটি আৰক্ষীৰ সূত্রই জানিবলৈ দিছে৷