কৰুণ! ক’ৰোনাত আক্ৰান্ত হৈ মৃত্যুক সাৱটিলে মাতৃ-পুত্ৰই
নিয়মীয়া বাৰ্তা, ৯ ছেপ্টেম্বৰঃ ৰাজ্যত অব্যাহত আছে ক’ৰোনাৰ বিভীষিকা। দৈনিক বৃদ্ধি পাইছে আক্ৰান্তৰ সংখ্যা। আক্ৰান্তৰ সংখ্য়া বৃদ্ধি পোৱাৰ লগতে মৃতকৰ সংখ্য়াও বৃদ্ধি পাইছে। তথাপিও সচেতন হোৱা নাই সাধাৰণ জনতা। একাংশই মাস্ক পৰিধান নকৰি সামাজিক দূৰত্বকে পাহৰি পেলাইছে। ৰাজ্যত মঙলবাৰৰ দিনটোত নতুনকৈ আক্ৰান্ত হৈছে ২৫৭৯জন লোক।
ক’ৰোনাত আক্ৰান্ত হৈ মৃত্যু বিলাসীপাৰাৰ বিভাৰাণী সাহা আৰু তেওঁৰ পুত্ৰ বিষ্ণুপদ সাহাৰ। মাতৃ-পুত্ৰৰ কৰুণ মৃত্যুত শোক প্ৰকাশ কৰিছে সকলোৱে। প্ৰায় এসপ্তাহপূৰ্বে GMCHত ভৰ্তি হৈছিল প্ৰায় ৮০ বছৰীয়া বিভাৰাণী সাহা আৰু ৫০ বছৰীয়া বিষ্ণুপদ সাহা। GMCHৰ ইমাৰজেন্সী ক’ভিড বাৰ্ডত চিকিৎসাধীন হৈ থকা দুয়োৱে অৱশেষত ক’ৰোনাৰ যুদ্ধত হাৰ মানিলে।