নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কংগনা ৰানাৱটৰ মুম্বাইৰ কাৰ্যালয়ত মহাৰাষ্ট্ৰ চৰকাৰৰ জেচিবি, উচ্ছেদ

নিয়মীয়া বাৰ্তা, ৯ ছেপ্টেম্বৰঃ বলীউডৰ কুইন অভিনেত্ৰী কংগনা ৰানাৱটৰ কাৰ্যালয়ত মহাৰাষ্ট্ৰ চৰকাৰে চলালে জেচেবি। মহাৰাষ্ট্ৰৰ পৌৰ প্ৰশাসন বি এম চিয়ে অভিনেত্ৰীগৰাকীৰ বান্দ্ৰাৰ পালী হিল ৰোডস্থিত কাৰ্যালয়টোৰ গ্ৰাউণ্ড আৰু ফাৰ্ষ্ট ফ্লোৰৰ ভিতৰভাগৰ নিৰ্মাণ অবৈধ আৰু ইয়াক বি এম চিয়ে কিয় উচ্ছেদ নকৰিব বুলি কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰিছিল।

শেহতীয়াকৈ কংগনালৈ পঠিওৱা আন এক জাননীত জনোৱা হৈছিল যে কংগনাই বি এম চিৰ অভিযোগৰ কোনো উত্তৰ দিয়া নাই, গতিকে তেওঁৰ কাৰ্যালয় উচ্ছেদ কৰাৰ বাবে বি এম চি সাজু হৈছে। আজি ৰানাৱটৰ কাৰ্যালয়ৰ সন্মুখত জেচিবিসহ উপস্থিত হোৱা পৌৰ প্ৰশাসনে ইতিমধ্যে ৰানাৱটৰ কাৰ্যালয়ৰ ভিতৰভাগৰ অবৈধ নিৰ্মাণ উচ্ছেদ কৰিবলৈ আৰম্ভ কৰে।

বি এম চিৰ এনে কাৰ্যক বাবৰ সেনাৰ আক্ৰমণ বুলি কটাক্ষ কৰি তেওঁ কয় যে মন্দিৰ একে ঠাইতে পুনৰ নিৰ্মাণ কৰা হ’ব। মহাৰাষ্ট্ৰ চৰকাৰ আৰু চৰকাৰৰ গুণ্ডাৰ দ্বাৰা তেওঁৰ কাৰ্যালয়ত আক্ৰমণ চলোৱা বুলি উল্লেখ কৰি কয় যে তেওঁ কোনো ভুল নকৰা সত্ত্বেও শত্ৰুৱে প্ৰমাণ কৰি আছে যে মুম্বাই এতিয়া পাক অধিকৃত কাশ্মীৰ হৈ পৰিছে। বি এম চিৰ উচ্ছেদৰ বিৰুদ্ধে কংগনা ৰানাৱটে ইতিমধ্যে মুম্বাই উচ্চ ন্যায়ালয়ৰ শৰণাপন্ন হৈছে।

উল্লেখ্য সুশান্ত ৰাজপুতৰ মৃত্যুৰ প্ৰসংগত টুইটযোগে বিভিন্ন মন্তব্য কৰাৰ পিছৰে পৰা মহাৰাষ্ট্ৰ চৰকাৰৰ ৰোষত পৰিছিল অভিনেত্ৰী কংগনা ৰানাৱট।

You might also like