ইৰাকৰ পৰা গৃহভূমিলৈ উভতিব ২২০০ মার্কিন সৈনিক
নিয়মীয়া বাৰ্তা ১০ ছেপ্টেম্বৰঃ মধ্যপ্রাচ্যৰ ৰাষ্ট্র ইৰাকৰ পৰা আগন্তুক কেইটামান সপ্তাহৰ ভিতৰতে আমেৰিকাই এক–তৃতীয়াংশতকৈ অধিক সৈনিক প্রত্যাহাৰ কৰিব৷ অর্থাৎ দেশখনৰ পৰা প্রায় ২২০০ সৈনিকক গৃহভূমিলৈ ওভতাই নিব আমেৰিকাই৷
মধ্যপ্রাচ্যত থকা মার্কিন সেনাৰ শীর্ষ কমাণ্ডাৰগৰাকীয়ে সংবাদ মাধ্যমক জনাইছে এই তথ্য৷ কমাণ্ডাৰ জেনেৰেল কেনিথ মেক্কেনজিয়ে সংবাদ মাধ্যমৰ আগত সদৰী কৰা অনুসৰি ছেপ্ঢেম্বৰ মাহৰ ভিতৰত ইৰাকত আমেৰিকাৰ সৈনিক ৩০০০লৈ হ্রাস কৰা হ’ব৷
বর্তমান মধ্যপ্রাচ্যৰ দেশখনত ৫২০০ মার্কিন সৈনিক আছে৷ ইৰাকৰ পৰা অৱশ্যে সম্পূর্ণৰূপে সেনা শক্তি প্রত্যাহাৰ নকৰে হোৱাইট হাউছ প্রশাসনে৷ অৱশিষ্ট ৩০০০ মার্কিন সৈনিকে ইৰাকৰ নিৰাপত্তা বাহিনীক সহযোগিতা আগবঢ়াব৷