ব্যাপক হাৰত মানৱ অধিকাৰ উলংঘা কৰিছে চীনে; তিনি শতাধিক সংগঠনৰ ৰাষ্ট্রসংঘলৈ পত্র
নিয়মীয়া বাৰ্তা ১০ ছেপ্টেম্বৰঃ চীনৰ অভ্যন্তৰত ভয়াৱহভাৱে উলংঘা হৈছে মানৱ অধিকাৰ৷ তিনি শতাধিক সামাজিক তথা মানৱ অধিকাৰ সংস্থাই মুকলি এক পত্রত এই অভিযোগ কৰি ৰাষ্ট্রসংঘক বিষয়টো সন্দর্ভত গুৰুত্ব প্রদান কৰিবলৈ আহ্বান জনাইছে৷ চীনত মানৱ অধিকাৰৰ বিভিন্ন দিশ তন্ন তন্নকৈ পৰীক্ষা কৰিব লাগে বুলি দাবী জনোৱা হৈছে এই পত্রখনত৷
বিশেষকৈ হংকং, তিব্বত আৰু ঝিনজিয়াঙত চীনা চৰকাৰে পাইকাৰী হাৰত মানৱ অধিকাৰ উলংঘা কৰা বুলি অভিযোগ অনা হৈছে৷ মুকলি এই পত্রত স্বাক্ষৰ কৰা সামাজিক তথা মানৱ অধিকাৰ সংস্থাসমূহৰ ভিতৰত আছে হিউমেন ৰাইটছ ৱাটছ, এমনেস্কি ইণ্টাৰনেচনেল আৰু ইণ্টাৰ নেচনেল ছার্ভিচ ফৰ হিউমেন ৰাইটছো৷ মুকলি পত্রখনত উল্লেখ কৰা অনুসৰি হংকংবাসীৰ ওপৰত চীনৰ আতিশয্য তীব্রতৰ হৈছে৷ সেইদৰে তিব্বতীসকলৰ ওপৰত দীর্ঘদিন ধৰি চলি আছে নাৰকীয় নির্যাতন৷
শেহতীয়াকৈ পশ্চিম ঝিনজিয়াং অঞ্চলত উইঘোঁৰ মুছলমান লোকসকলৰ ওপৰত চীনা প্রশাসনে আন্তর্জাতিক মহলৰ সমালোচনা সত্ত্বেও আতিশয্য চলাই থকা বুলি পত্রখনত উল্লেখ কৰা হৈছে৷ একে সময়তে চীনৰ মানৱ অধিকাৰ কর্মী ৰেনী ঝিয়াই এক বিবৃতিত উল্লেখ কৰিছে যে চীন চৰকাৰে মানৱ অধিকাৰ কর্মীসকলৰ ওপৰত সঘনে আক্রমণ চলাই আহিছে৷
ৰাষ্ট্রসংঘৰ মানৱ অধিকাৰ সংস্থাক সহযোগিতা কৰাৰ বাবেই চীন চৰকাৰে মানৱ অধিকাৰ কর্মীসকলক শাৰীৰিক আতিশয্য চলোৱাৰ উপৰি বিভিন্ন সময়ত মিছা গোচৰত কাৰাদণ্ড বিহিছে৷ ইয়াৰ উপৰি মানৱ অধিকাৰৰ সপক্ষে মতপোষণ কৰা অধিবক্তাসকলৰ অনুজ্ঞাপত্র পর্যন্ত চৰকাৰে বাতিল কৰা বুলি ঝিয়াই অভিযোগ কৰিছে৷ স্মর্তব্য যে চীনৰ বিৰুদ্ধে মানৱ অধিকাৰ উলংঘনৰ এয়াই প্রথমটো আন্তর্জাতিক অভিযোগ নহয়৷