পুনৰ বিজয়ৰ সংকল্পৰে ছ্যু কীৰ নির্বাচনী প্রচাৰ অভিযান
নিয়মীয়া বাৰ্তা ১০ ছেপ্টেম্বৰঃ আগন্তুক নৱেম্বৰত অনুষ্ঠিত হ’বলগীয়া সাধাৰণ নির্বাচনৰ পূর্বে ম্যানমাৰৰ শীর্ষ নেত্রী আং ছান ছ্যু কীয়ে পুনৰ নির্বাচনত জয়লাভৰ বাবে কালি আনুষ্ঠানিকভাৱে প্রচাৰ আৰম্ভ কৰিছে৷ দেশখনত এতিয়াও নির্বাচনৰ দিন থিৰাং কৰা হোৱা নাই৷ কিন্তু ছ্যু কীয়ে এই নির্বাচনত পুনৰ বৃহৎ বিজয় সাব্যস্ত কৰাৰ সংকল্প গ্রহণ কৰিছে৷ অৱশ্যে ক’ৰোনা ভাইৰাছ মহামাৰীৰ বাবে কালি ৰাজধানী নেইপিটাওত ছ্যু কীৰ সমাৱেশত সীমিতসংখ্যক লোকহে উপস্থিত থাকে৷ কিন্তু শাসকীয় দল নেচনেল লীগ ফৰ ডেম’ক্রেচী (এনএলডি)ৰ পতাকা উত্তোলন কৰি নেত্রীগৰাকীয়ে ঘোষণা কৰে যে দলৰ বিজয় অভিযানৰ এয়া আৰম্ভণি৷ নেইপিটাওত দলৰ মুখ্য কার্যালয়ত অনুষ্ঠিত এই সমাৱেশৰ সবিশেষ সম্প্রচাৰ হৈছে ছ্যু কীৰ ফেচবুক পৃষ্ঠাত৷
স্মর্তব্য যে দেশখনত গণতান্ত্রিকভাৱে নির্বাচিত প্রথমখন চৰকাৰৰ বাবে এই নির্বাচন হ’ব এক পৰীক্ষা৷ অর্ধশতিকা পাছত দেশখনত অনুষ্ঠিত নির্বাচনত প্রথমবাৰৰ বাবে ছ্যু কীৰ দলে জয়লাভ কৰিছিল৷ এই জয়েৰে ম্যানমাৰত গণতন্ত্রৰ সূর্যোদয় ঘটাইছিল ছ্যু কীয়ে৷ নির্বাচনত বিজয় লাভ কৰাৰ পাছতে দেশখনত প্রত্যক্ষ সামৰিক শাসনৰ অন্ত পৰিছিল৷ গণতান্ত্রিকভাৱে নির্বাচিত চৰকাৰখনে পর্যায়ক্রমে বিভিন্ন গুৰুত্বপূর্ণ বিভাগৰ ওপৰত সাব্যস্ত কৰিছিল নিয়ন্ত্রণ৷
স্মর্তব্য যে ছ্যু কীয়ে নির্বাচনী প্রচাৰ অভিযান দেশখনৰ বাণিজ্যিক ৰাজধানী য়াংগুনৰ পৰা আৰম্ভ কৰিব বিচাৰিছিল৷ কিন্তু দেশখনৰ স্বাস্থ্য মন্ত্রণালয়ৰ পৰামর্শ অনুসৰি য়াংগুনলৈ যোৱাৰ পৰিকল্পনা বাদ দিয়ে ছ্যু কীয়ে৷ ২০১৫ চনত ছ্যু কীৰ দলে ম্যানমাৰত অভূতপূর্ব বিজয় সাব্যস্ত কৰি গণতান্ত্রিক চৰকাৰ গঠন কৰিছিল যদিও ২০১৭ত ৰহিংগ্যা মুছলমানৰ ওপৰত দেশখনৰ সেনাই চলোৱা আতিশয্যৰ বাবে নেত্রীগৰাকী বিশ্বজুৰি সমালোচিত হৈছিল৷