নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জালুকবাৰীত অপৰাধ অনুসন্ধান শাখাৰ অভিযানত ড্রাগ্ছসহ ৪ সৰবৰাহকাৰীক গ্রেপ্তাৰ

নিয়মীয়া বাৰ্তা ১০ ছেপ্টেম্বৰঃ মহানগৰীত পুনৰ সক্রিয় হৈ পৰিছে ড্রাগ্ছ সৰবৰাহকাৰী চক্র৷ কালি গড়চুকৰ পৰা আৰক্ষী অপৰাধ অনুসন্ধান শাখাই অভিযান চলাই বুজন পৰিমাণৰ ড্রাগ্ছসহ এজন যুৱকক গ্রেপ্তাৰ কৰাৰ পাছত আজি পুনৰ জালুকবাৰীৰ পৰা বৃহৎ পৰিমাণৰ ড্রাগ্ছসহ চাৰিজন সৰবৰাহকাৰীক গ্রেপ্তাৰ কৰে৷ ধৃত ড্রাগ্ছ সৰবৰাহকাৰী চাৰিজন ক্রমে– ছয়গাঁও থানাৰ অন্তর্গত, কালাতলীৰ মেহবুব আলম (২৮), বাঘমাৰাৰ মিজানুৰ আলী (৩২), পুৰণাকুছিৰ ফালু মিঞা (২৩) আৰু বৰপেটাৰ গৰৈমাৰীৰ জাহাংগীৰ আলী (২৩) বুলি জানিব পৰা গৈছে৷ আৰক্ষী সূত্রে জানিব পৰা মতে, ধৃত ড্রাগ্ছ সৰবৰাহকাৰী চাৰিজনে ছয়গাঁৱৰ পৰা গুৱাহাটীলৈ ড্রাগ্ছ সৰবৰাহৰ পৰিকল্পনা কৰিছিল৷ আৰক্ষী অপৰাধ অনুসন্ধান শাখাই গোপন সূত্রৰ পম খেদি ৩৭নং ৰাষ্ট্রীয় ঘাইপথৰ পৰা ড্রাগ্ছ সৰবৰাহকাৰী কেইজনক গ্রেপ্তাৰ কৰে৷ আৰক্ষীয়ে ধৃত ড্রাগ্ছ সৰবৰাহকাৰী কেইজনৰ পৰা প্রায় ৬৯ গ্রাম ব্রাউন ছুগাৰ আৰু নগদ ৯ হাজাৰ টকা জব্দ কৰে৷ ঘটনা সন্দর্ভত আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে৷

You might also like