নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চৰকাৰী বাসভৱনতে বিবাহপাশত আবদ্ধ কাছাৰৰ উপায়ুক্ত কীর্তি জ’ল্লী

ক’ৰোনাৰ সংকট কালত কর্তব্য নিষ্ঠা

নিয়মীয়া বাৰ্তা ১১ ছেপ্টেম্বৰঃ  ৰাজ্যত ভয়ংকৰ ৰূপত অব্যাহত আছে মাৰাত্মক ন’ভেল ক’ৰোনা ভাইৰাছৰ (ক’ভিড–১৯) দ্রুত সংক্রমণ৷ মহামাৰীত আক্রান্ত আৰু মৃত্যু হোৱা লোকৰ সংখ্যা দিনকদিনে বৃদ্ধি পাই গৈ আছে৷ ক’ৰোনাসৃষ্ট এনে সংকটকালত কর্তব্যনিষ্ঠা প্রদর্শনেৰে সকলোৰে দৃষ্টি আকর্ষণ কৰিছে ভাৰতীয় প্রশাসনীয় সেৱাৰ এগৰাকী বিষয়াই৷ তেওঁ হ’ল– কাছাৰ জিলাৰ উপায়ুক্ত কীর্তি জ’ল্লী৷ কালি সিদ্ধিদাতা গণেশক সাক্ষী কৰি উপায়ুক্ত কীর্তি জ’ল্লীয়ে বিবাহপাশত আবদ্ধ হয়৷ শিলচৰৰ পার্ক ৰোডস্থিত চৰকাৰী আৱাসত আয়োজন কৰা হৈছিল বিবাহ অনুষ্ঠানৰ৷ দৰা মহাৰাষ্ট্রৰ পুনেৰ বাসিন্দা আদিত্য শশীকান্ত জগতাপ৷ সিদ্ধিদাতা গণেশৰ পূজা–র্চনা কৰাৰ পাছতে ৰীতি–নীতি অনুযায়ী দিল্লীৰ কর্প’ৰেট ছেক্টৰত কর্মৰত জগতাপৰ পাণি গ্রহণ কৰে উপায়ুক্ত কীর্তি জ’ল্লীয়ে৷ ক’ৰোনা মহামাৰীৰ সময়ত সম্পন্ন হোৱা এই হাইপ্রফাইল বিয়াখনত পিছে নিমন্ত্রিতৰ সংখ্যা আছিল তেনেই সীমিত৷ ক’ভিড প্রট’কল মানি কেইজনমান প্রশাসনিক বিষয়া আৰু উপায়ুক্তৰ কার্যালয়ৰ বিষয়া–কর্মচাৰীকহে বিয়ালৈ নিমন্ত্রণ জনোৱা হৈছিল৷ সেইদৰে দৰা–কইনাৰ পৰিয়ালৰ লোকৰ ফালৰ পৰাও মাত্র দুজনহে উপস্থিত থাকে বিয়াত৷ কইনাৰ এগৰাকী ভনীয়েক আৰু দৰা পক্ষৰ ফালৰ পৰা জগতাপৰ বন্ধুৰ এজন ভাতৃহে উপস্থিত আছিল৷ তদুপৰি বিয়াত আড়ম্বৰপূর্ণতা সম্পূর্ণৰূপে এৰাই চলা হয়৷ বিয়া উপলক্ষে উপায়ুক্তৰ চৰকাৰী বাসভৱন সজাই তোলা হৈছিল যদিও বেণ্ডপার্টী বা তেনেধৰণৰ কোনো আয়োজন নাছিল৷ মেৰুণ ৰঙৰ এখন বেনাৰসী শাৰী পৰিধান কৰি বিবাহ মণ্ডপলৈ আহিছিল কইনা৷ দৰা জগতাপ কেইদিনমান পূর্বে শিলচৰত উপস্থিত হৈছিল যদিও তেওঁ প্রায় এসপ্তাহ ধৰি হোম কোৱাৰেণ্টাইনত থাকিবলগীয়া হৈছিল৷ দৰা জগতাপে বগা ৰঙৰ পাইজামা–কুর্তা আৰু নীলা ৱাছক’ট পৰিধান কৰিছিল৷ গণেশ পূজা সম্পূর্ণ হোৱাৰ পাছতে কইনাই দৰাৰ ডিঙিত পিন্ধাই দিছিল ফুলৰ মালা৷ ইয়াৰ পাছতে দুয়োৱে যুগ্মজীৱনৰ ফটো ছেছনৰ প’জ দিয়ে৷ এই ফটো ইতিমধ্যে ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে৷ উল্লেখ্য যে অতিথিক আপ্যায়নৰ বাবে বিয়াৰ খাদ্য তালিকাত ৰখা হৈছিল নিৰামিষ আৰু আমিষ আহাৰ৷ পিছে দক্ষিণ ভাৰতীয় কোনো খাদ্যবস্তু এই তালিকাত নাছিল৷ বেছিভাগ খাদ্যই আছিল বাঙালী ঘৰনাৰ৷ লক্ষণীয়ভাৱে বিয়া বুলি উপায়ুক্ত কীর্তি জ’ল্লীয়ে কোনো ছুটী নল’লে৷ আজিও তেওঁ উপস্থিত আছিল কর্তব্যত৷

You might also like