কর্ণাটকৰ মন্দিৰত উদ্ধাৰ তিনি পূজাৰীৰ মৃতদেহ
নিয়মীয়া বাৰ্তা, ১২ ছেপ্টেম্বৰঃ মুম্বাইত দুগৰাকী সাধুক উন্মত্ত জনতাই নৃশংসভাৱে হত্যা কৰা ঘটনাক লৈ উত্তাল পৰিস্থিতি সৃষ্টি হোৱাৰ পিছত কর্ণাটকত তিনিগৰাকী পূজাৰীক দুর্বৃত্তই হত্যা কৰা ঘটনাক কেন্দ্র কৰি সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতিৰ৷
শ্রীআৰকেশ্বৰ মন্দিৰৰ এই তিনিগৰাকী পূজাৰীৰ ক্ষত–বিক্ষত মৃতদেহ অলপতে মন্দিৰ চৌহদতে উদ্ধাৰ হৈছে৷ তিনিওগৰাকী পূজাৰীক গণেশ, প্রকাশ আৰু আনন্দ বুলি চিনাক্ত কৰা হৈছে৷ উল্লেখনীয় যে নিহত পূজাৰী তিনিজনৰ মূৰত শিলেৰে খুন্দিওৱা আঘাতৰ চিন স্পষ্ট হৈ আছে৷
গ্রামাঞ্চলৰ ৰাইজে মন্দিৰটোৰ দুৱাৰ মুকলি কৰাৰ লগে লগে তিনিওজন পূজাৰীৰ মৃতদেহ উদ্ধাৰ হৈছে৷ তাৎক্ষণিকভাৱে এই ঘটনা সন্দর্ভত কোনো লোকক গ্রেপ্তাৰ কৰা নাই আৰক্ষীয়ে৷ কর্ণাটকৰ মান্দিয়া চহৰৰ গুট্টালু গাঁৱৰ মন্দিৰত সংঘটিত হৈছে এই হত্যাকাণ্ড৷ তিনিওজন পূজাৰীয়েই আছিল একেটা বংশৰ সদস্য৷ তাৎক্ষণিকভাৱে আৰক্ষীয়ে মৃত্যুৰ কাৰণ জানিবলৈ সক্ষম হোৱা নাই৷
স্মর্তব্য যে ঘটনাস্থলীৰ পৰা দুর্বৃত্তই মন্দিৰটোত ভক্তই দান কৰা বৃহৎ অংকৰ ধনৰাশি লুটি নিছে৷ অৱশ্যে দুর্বৃত্তৰ দলে মন্দিৰটোত থকা নোটসমূহহে লুটি নিছে বুলি আৰক্ষীয়ে জানিবলৈ দিছে৷