নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

টেটত গ্রেচ মার্কঃ ৰাজ্য চৰকাৰলৈ জাননী উচ্চ ন্যায়ালয়ৰ

নিয়মীয়া বার্তা, ১২ ছেপ্টেম্বৰঃ ২০১৯–২০ বর্ষত টেট পৰীক্ষাত একাংশ প্রার্থীক গ্রেচ মার্ক প্রদান কৰি উত্তীর্ণ কৰোৱা বুলি উত্থাপিত অভিযোগে স্পর্শ কৰিছে উচ্চ ন্যায়ালয়ৰ মজিয়া৷ গ্রেচ মার্ক প্রদানেৰে একাংশ প্রার্থীক যোগ্যতাৰ শাৰীলৈ উন্নীত কৰোৱা প্রক্রিয়াই সমগ্র নিযুক্তি প্রক্রিয়াৰ বিশ্বাসযোগ্যতাত আঘাত হানিছে বুলি উচ্চ ন্যায়ালয়ত আবেদন দাখিল কৰিছে একাংশ প্রার্থীয়ে৷

জয়ন্ত বর্মা আৰু আন ২৩গৰাকী প্রার্থীয়ে দাখিল কৰা ৩৪৩৫/২০২০ নম্বৰৰ লেখ আবেদনৰ শুনানি গ্রহণ কৰি ন্যায়াধীশ কল্যাণ ৰায় সুৰাণাৰ বিচাৰপীঠে ৰাজ্য চৰকাৰলৈ জাননী জাৰি কৰে৷ অহা ২৮ ছেপ্টেম্বৰত গোচৰটোৰ পুনৰ শুনানি গ্রহণ কৰিব উচ্চ ন্যায়ালয়ে৷ উল্লেখ্য যে ২০০ মুঠ নম্বৰৰ বাবে টেট পৰীক্ষা অনুষ্ঠিত হৈছিল৷

টেটত যোগ্যতা অর্জনৰ বাবে প্রতিখন প্রশ্ণকাকতত ৬০ শতাংশ নম্বৰ লাভ কৰাটো প্রার্থীৰ বাবে বাধ্যতামূলক৷ কিন্তু ৬০ শতাংশতকৈ কম নম্বৰ লাভ কৰা একাংশ প্রার্থীক গ্রেচ নম্বৰ প্রদান কৰি উত্তীর্ণ কৰোৱা বুলি অভিযোগ উত্থাপন হৈছে৷ যাক লৈ একাংশ বঞ্চিত প্রার্থীয়ে প্রতিক্রিয়া প্রকাশ কৰিছিল৷

ইতিমধ্যে গোচৰ তৰা প্রার্থীসকলে ৰাষ্ট্রীয় মাধ্যমিক অভিযানৰ মিছন সঞ্চালকক স্মাৰক–পত্র দাখিল কৰিছিল৷ কিন্তু এইক্ষেত্রত তেওঁলোকে কোনো সঁহাৰি লাভ কৰা নাছিল৷ যাৰ বাবে উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল৷

You might also like