নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গুৱাহাটীত ক’ভিড–১৯ৰ বিৰুদ্ধে কটন বিশ্ববিদ্যালয়ৰ শিক্ষার্থীৰ সজাগতামূলক কার্যসূচী

নিয়মীয়া বাৰ্তা, ১৩ ছেপ্টেম্বৰঃ ক’ৰোনাৰ এই অতিমাৰীৰ সময়ত কালি কটন বিশ্ববিদ্যালয়ৰ গণসংযোগ আৰু সাংবাদিকতা বিভাগৰ প্রাক্তন ছাত্র সন্মিলনীৰ ফালৰ পৰা মাস্ক পৰিধান কৰা আৰু সামাজিক দূৰত্ব বর্তাই ৰাখি চলা সম্পর্কে জনসচেতনতাৰ অর্থে ‘নিজেও বাচক, আনকো বচাওক’ শীর্ষক এক সজাগতামূলক কার্যসূচী ৰূপায়ণ কৰা হয়৷

এই কার্যসূচীত মূকাভিনয় শিল্পী তথা বিভাগৰ প্রাক্তন ছাত্র মিনাংক ডেকাই মূকাভিনয়ৰ জৰিয়তে লোকসকলকবুজায়৷ গুৱাহাটী মহানগৰীৰ অধিক জনসমাগম হোৱা উজান বজাৰ, শিলপুখুৰী, লাখটকীয়া, ফাঁচীবজাৰ, লাচিত নগৰ, এ টি ৰোড, পল্টন বজাৰ, গণেশগুৰি, জু–তিনিআলি, চানমাৰিত এই সজাগতা কার্যসূচী ৰূপায়ণ কৰা হয়৷

উক্ত স্থানসমূহত দিন–হাজিৰা কৰা, পাচলি বেপাৰী, মগনীয়া, দৰিদ্র তথা অভাৱগ্রস্ত পাঁচশৰো অধিক লোকৰ মাজত মাস্ক বিতৰণ কৰা হয়৷পুৱা ১০ বজাৰ পৰা আৰম্ভ কৰা এই কার্যসূচী ৰূপায়ণ কৰে প্রাক্তন ছাত্র সন্মিলনীৰ সম্পাদক জিতমণি গগৈ, কার্যকৰী সদস্য ক্রমে আদনান আশ্রফ, প্রাণজিৎ নেওগ, দীপাংকৰ মেধি, শতাব্দী শইকীয়া আৰু কেইবাগৰাকী প্রাক্তন ছাত্র–ছাত্রীয়ে৷

কটন বিশ্ববিদ্যালয়ৰ গণসংযোগ আৰু সাংবাদিকতা বিভাগৰ প্রাক্তন ছাত্র সন্মিলনীয়ে এই কর্যসূচীৰ জৰিয়তে গুৱাহাটীবাসীৰ লগতে সমগ্র অসমবাসী ৰাইজক সজাগ হৈ থকাৰ বাবে আহ্বান জনায়৷

You might also like