চীনৰ সাংবাদিকৰ ক্ষেত্রত নতুন নিয়ম বলৱৎ কৰিব আমেৰিকাই
নিয়মীয়া বাৰ্তা, ২৭ ছেপ্টেম্বৰঃ বাণিজ্যৰ পৰা কূটনীতিলৈকে আমেৰিকা যুক্তৰাষ্ট্র আৰু চীনৰ মাজত সংঘাতে তীব্রতৰ ৰূপ ধাৰণ কৰিছে৷ দুয়োখন দেশে ৰাষ্ট্রদূতৰ কার্যালয় প্রত্যাহাৰ কৰাৰ ক্ষেত্রত কঠোৰ নির্দেশ দিয়াৰ পাছত এইবাৰ আমেৰিকা যুক্তৰাষ্ট্রই চীনৰ সাংবাদিকৰ ক্ষেত্রত নতুন নিয়ম বলৱৎ কৰাৰ দিশে আগবাঢ়িছে৷ ট্রাম প্রশাসনে আমেৰিকা যুক্তৰাষ্ট্রত চীনৰ সাংবাদিকসকলক থকাৰ সময়সীমা হ্রাস কৰিব৷ অর্থাৎ আমেৰিকাত চীনৰ সাংবাদিক থকাটোত প্রতিবন্ধকতা আৰোপ কৰিব৷
তথ্য মতে, চীনৰ সাংবাদিকসকলে আমেৰিকাত কেৱল ৯০ দিন থাকিব পাৰিব৷ অৱশ্যে বিশেষ অনুমতি লৈ এই সাংবাদিকসকলক পুনৰ ৯০ দিনৰ সম্প্রসাৰণ কৰাৰ সুবিধা দিব৷ সাংবাদিকৰ উপৰি দেশখনৰ শিক্ষার্থী আৰু গৱেষকৰ ক্ষেত্রতো ভিছাৰ সময়সীমা নির্ধাৰণ কৰা হ’ব বুলি চৰকাৰৰে শীঘ্রে নির্দেশনা জাৰি কৰিব বুলি সাংবাদ মাধ্যমত প্রকাশ পাইছে৷ উল্লেখ্য যে ভিছাৰ ম্যাদ শেষ হ’লে চীনৰ সাংবাদিকসকল নিজ দেশলৈ উভতি যাব লাগিব৷