পি কে দত্তক বিচাৰি আমিনগাঁৱৰ সংকটমোচন সেৱাশ্রমত আৰক্ষীৰ অভিযান
নিয়মীয়া বাৰ্তা ২৮ ছেপ্টেম্বৰঃ আৰক্ষী উপ–পৰিদর্শক নিযুক্তি কেলেংকাৰিৰ অন্যতম প্রধান অভিযুক্ত বিতর্কিত প্রাক্তন আৰক্ষী বিষয়া পি কে দত্তক বিচাৰি আমিনগাঁৱৰ সংকটমোচন সেৱাশ্রমত কামৰূপ জিলা আৰক্ষীয়ে অভিযান চলায়৷ আৰক্ষীৰ উপ–পৰিদর্শক নিযুক্তি কেলেংকাৰিৰ খলনায়কগৰাকী আমিনগাঁৱত আত্মগোপন কৰি থকাৰ সন্দেহত আৰক্ষীয়ে এই অভিযান চলায়৷ উল্লেখ্য যে এই আশ্রমখনলৈ পি কে দত্ত সঘনে অহা–যোৱা কৰি আছিল৷ আমিনগাঁৱৰ সংকটমোচন আশ্রমত পি কে দত্তই বাহৰ পতাৰ সন্দেহত মাজনিশা অভিযান চলায় কামৰূপ আৰক্ষীয়ে৷ অৱশ্যে কামৰূপ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সঞ্জীৱ শইকীয়াৰ নেতৃত্বত যোৱা বৃহৎ আৰক্ষীৰ দলে পি কে দত্তৰ কোনো সম্ভেদ নাপালে৷ এই অভিযান সন্দর্ভত আজি আশ্রমৰ পৰিচালক দীপক বাবাই সংবাদ মাধ্যমৰ লোকৰ সমুখত কিছু কথা সদৰী কৰে৷ দীপক বাবাই সংবাদ মাধ্যমক জানিবলৈ দিয়া অনুসৰি, পি কে দত্তই আশ্রম চৌহদত বিগত সাত বছৰ ধৰি প্রৱেশ কৰা নাই৷ খগেন শর্মা ডি জি পি হৈ থকা সময়তে প্রায় সাত বছৰ আগতে পি কে দত্ত আশ্রমলৈ আহিছিল বুলি দীপক পণ্ডিত ওৰফে দীপক বাবাই সাংবাদিকক জানিবলৈ দিয়ে৷