নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দীপিকা–ৰাকুল প্রীত, চিমন–কৰীশ্মাৰ ম’বাইল ফোন জব্দ

সুশান্ত সিং হত্যা–ড্রাগছ গোচৰ

নিয়মীয়া বাৰ্তা ২৮ ছেপ্টেম্বৰঃ   বলীউডৰ জনপ্রিয় অভিনেতা সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ গোচৰৰ তদন্ত যিমানেই নার্ক’টিকছ কণ্ড্র’ল ব্যুৰ’ৱে (এন চি বি) আগবঢ়াই নিছে, সিমানেই বলীউডত ড্রাগ্ছৰ এখন ৰমৰমীয়া সাম্রাজ্য চলি থকাৰ তথ্য পোহৰলৈ আহিছে৷ শেহতীয়াকৈ এন চি বিয়ে সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ ঘটনাৰ সৈতে ড্রাগছৰ সম্পর্ক থকা বুলি নিশ্চিত কৰিছে কেইবাগৰাকীও অভিনেত্রী তথা ৰাজপুতৰ সৈতে জড়িত লোকক জেৰা কৰাৰ পাছত৷ ইতিমধ্যে কালি অভিনেত্রী দীপিকা পাডুকন, শ্রদ্ধা কাপুৰ, ছাৰা আলী খান আৰু দীপিকাৰ প্রাক্তন মেনেজাৰ কৰীশ্মা প্রকাশক এন চি বিয়ে জেৰা কৰাৰ সময়তে তিনিওগৰাকী হোৱাটছএপযোগে ড্রাগছ সন্দর্ভত মত বিনিময় কৰাৰ কথা স্বীকাৰ কৰিছে৷ কালি তিনিওগৰাকীৰে ম’বাইল ফোন জব্দ কৰিছে এন চি বিয়ে৷ অভিনেত্রী ৰাকুল প্রীত সিং, দীপিকা পাডুকন, কৰীশ্মা প্রকাশ, ফেশ্বন ডিজাইনৰ চিমন খাম্বাট্টাক জেৰা কৰাৰ পাছতে আৰু বহু ৰথী–মহাৰথী এন চি বিৰ জালত পৰাৰ সম্ভাৱনা আছে৷ স্মর্তব্য যে ইণ্ডিয়ান এভিডেন্স এক্টৰ অধীনত ম’বাইল ফোন জব্দ কৰিছে এন চি বিয়ে৷ ৰাকুল আৰু চিমনৰ নাম জেৰাৰ সময়ত উল্লেখ কৰিছিল ইতিমধ্যে গ্রেপ্তাৰ হোৱা সুশান্ত সিং ৰাজপুতৰ প্রেয়সী ৰিয়া চক্রৱর্তীয়ে৷ অভিনেত্রী ছাৰা আলী খানে ২০১৮ চনত সুশান্ত সিং ৰাজপুতৰ সৈতে ‘কেদাৰনাথ’ ছবিত অভিনয় কৰাৰ সময়ত দুয়োৰে মাজত প্রণয়ৰ সম্পর্ক গঢ়ি উঠা বুলি এক প্রচাৰ চলিছিল বুলি এন চি বিক জনাইছে৷ অৱশ্যে দুয়োগৰাকীয়ে এই প্রচাৰক সেই সময়তে অস্বীকাৰ কৰিছিল৷ ছাৰা আলীয়ে সঘনে সুশান্ত সিঙৰ মুম্বাইস্থিত বাসগৃহ ‘কাপ্রি হাইটছ’লৈ গৈছিল বুলিও জেৰাত উল্লেখ কৰিছে৷ লক্ষণীয়ভাৱে সেই সময়ত সুশান্ত সিঙৰ সৈতে অভিনেত্রীগৰাকীয়ে থাইলেণ্ড ভ্রমণ কৰিবলৈও গৈছিল৷ ইফালে ছবি নির্মাতা কৰণ জোহৰৰ নামো ড্রাগছৰে সাঙোৰ খাই পৰাৰ সম্ভাৱনা থকা বুলি এন চি বিৰ এক সূত্রই সদৰী কৰিছে৷ ২০১৯ চনত কৰণ জোহৰে নিজ বাসগৃহত আয়োজন কৰা এক পার্টীৰ ভিডি’ ক্লিপক লৈ সৃষ্টি হৈছে বিতর্ক৷ এই পার্টীত ড্রাগছৰ পয়োভৰ ঘটিছিল বুলি মঞ্জিৰ দ্বাৰ সিং ছাৰছা নামৰ এগৰাকী লোকে এন চি বিৰ ওচৰত দাখিল কৰিছিল অভিযোগ৷ আজি এই ভিডি’ ক্লিপৰ ফৰেনছিক পৰীক্ষাৰ প্রতিবেদন আহি পৰিছে এন চি বিৰ হাতত৷ এন চি বিয়ে উল্লেখ কৰা অনুসৰি এই ভিডি’ সত্য, ইয়াক কোনোধৰণে টেম্পাৰিং কৰা হোৱা নাই৷ অৱশ্যে এই ভিডি’ সন্দর্ভত এন চি বিয়ে তদন্ত চলাব নে নাই, সেই সন্দর্ভত তাৎক্ষণিকভাৱে কোনো কথা স্পষ্ট কৰা নাই৷ কিন্তু সংস্থাটোৰ মুৰব্বী ৰাকেশ আস্থানাই শীর্ষ বিষয়াসকলৰ সৈতে এই সন্দর্ভত কাইলৈ আলোচনা চলাব৷ ২০১৯ৰ ২৮ জুলাইত কৰণ জোহৰৰ বাসগৃহত আয়োজন কৰা পার্টীত উপস্থিত আছিল দীপিকা পাডুকন, অর্জুন কাপুৰ, মালাইকা আৰোৰা, শ্বাহিদ কাপুৰ, ৰণবীৰ কাপুৰ, বিকি কৌশল আৰু বৰুণ ধাৱান৷ যদি কৰণ জোহৰৰ বাসগৃহৰ এই পার্টীত ড্রাগছ সেৱন কৰা হৈছিল বুলি এন চি বিয়ে তথ্য লাভ কৰে, তেন্তে বলীউডত নতুন ধুমুহা সৃষ্টি হোৱাৰ সম্ভাৱনা আছে৷

You might also like