নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ঝাৰখণ্ডৰ পার্বত্য অঞ্চলত উদ্ধাৰ গছৰ পাতৰ জীৱাশ্ম

নিয়মীয়া বাৰ্তা ২৯ ছেপ্টেম্বৰঃ   জুৰাচিক যুগৰ গছৰ পাতৰ জীৱাশ্ম উদ্ধাৰ কৰিছে ঝাৰখণ্ডৰ ভূতাত্ত্বিকসকলে৷ এই জীৱাশ্ম ১৫০ৰ পৰা ২০০ নিযুত বছৰ পুৰণি বুলি ধাৰণা কৰিছে ভূবিজ্ঞানীসকলে৷ সংবাদ সংস্থা পি টি আইৰ প্রতিবেদন অনুসৰি ঝাৰখণ্ডৰ চাহিবগঞ্জ অঞ্চলত উদ্ধাৰ হৈছে এই জীৱাশ্ম৷ চাহিবগঞ্জ পি জি কলেজৰ ভূতাত্ত্বিক ৰঞ্জিত কুমাৰ সিঙে উল্লেখ কৰা অনুসৰি ২০ চেণ্টিমিটাৰ দৈর্ঘ্য আৰু ৫ চেণ্টিমিটাৰ বহল এই গছৰ পাতৰ জীৱাশ্ম উদ্ধাৰ হৈছে তালঝাৰি অঞ্চলৰ দুধখোল পর্বতত৷ এতিয়াও এই জীৱাশ্ম সন্দর্ভত সবিশেষ অধ্যয়ন বাকী থকা বুলি সংবাদ মাধ্যমক জনাইছে ভূবিজ্ঞানীগৰাকীয়ে৷ স্মর্তব্য যে এবিধ দুষ্প্রাপ্য প্রজাতিৰ গছৰ পাতৰ এই জীৱাশ্ম উদ্ধাৰ হোৱা ঘটনা বিশ্বত এয়েই প্রথম৷ এই গছবিধৰ পাত সাধাৰণতে ভক্ষণ কৰিছিল ডাইন’ছৰে৷

You might also like