নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰে পৰা যান বাহনৰ অনুজ্ঞাপত্ৰ লগত নাথাকিলেও হাৰাশাস্তি কৰিব নোৱাৰিব আৰক্ষীয়ে…

নিয়মীয়া বাৰ্তা ১ অক্টোবৰঃ    আজিৰে পৰা চালকসকলৰ বাবে নতুন নিয়ম। চালকসকলৰ অনুজ্ঞাপত্ৰ আৰু আৰ চি নাথাকিলেও সন্মুখীন নহয় হাৰাশাস্তিৰ। পূৰ্বতে যি নিয়ম আছিল, সেয়া আজিৰে পৰা সলনি হৈছে। এতিয়াৰে পৰা অনুজ্ঞাপত্ৰ নাথাকিলেও চালকক হাৰাশাস্তি কৰিব নোৱাৰিব যান বাহন আৰক্ষীয়ে।

আজিৰে পৰা নতুন যান-বাহন (সংশোধিত) আইনৰ ধাৰা কাৰ্যকৰী হব। কেন্দ্ৰীয় চৰকাৰে মটৰ ভেহিকল সম্পৰ্কীয় নিয়মৰ সংশোধন ঘটাইছে। কেন্দ্ৰীয় পথ পৰিবহন মন্ত্ৰ্যালয়ে জাৰি কৰিছে নতুন নিৰ্দেশনা। মুকলি হ’ব পৰিবহণ মন্ত্ৰ্যালয়ৰ Digi-locker আৰু m-Parivahan এপত । যান বাহনৰ নথি, অনুজ্ঞাপত্ৰ,ই-চালান, ইনছ্যুৰেন্স আদিকে ধৰি সকলো তথ্য থাকিব এই এপত ৰাখিব লাগিব।
এতিয়াৰে পৰা পথৰ নিৰ্দেশনাৰ বাবেহে ব্যৱহাৰ কৰিব পাৰিব মোবাইল ফোন। আনহাতে যান-বাহন আৰক্ষীৰ হাতত এটা বিশেষ মেচিন দিয়া হ’ব।

You might also like