অকথ্য ভাষাত গালি পাৰে দর্শনাৰ্থীক, পাঁচটা ভাটৌক উলিয়াই দিলে চিৰিয়াখানা কৰ্তৃপক্ষই
নিয়মীয়া বাৰ্তা ১ অক্টোবৰঃ অকথ্য ভাষাৰে গালিগালাজ কৰাৰ অভিযোগত এখন চিৰিয়াখানাৰ পৰা উলিয়াই দিয়া হ’ল ৫ টাকৈ ভাটৌ চৰাইক। পৰ্যটকৰ সন্মুখত অভব্য আচৰণ তথা অনৰ্গল বাজে কথা কোৱাৰ অভিযোগ উঠিছিল এই ভোটৌকেইটাৰ বিৰুদ্ধে।
এই ঘটনা ঘটিছে ইংলেণ্ডৰ লিংকনছায়াৰ ৱাইল্ডলাইফ পার্কত। চৰাইকেইটাক সম্প্রতি ভাষা শিক্ষাৰ বাবে যথার্থ স্থানলৈ পঠোৱা হৈছে।
পাঁচটি ভাটৌৰ নাম হৈছে এৰিক, জেড, এলছি, টাইছন আৰু বিল্লি। চিৰিয়াখানাৰ তৰফৰ পৰা জনোৱা গৈছে, সিহঁত একেলগে থাকিলেই কাষলৈ অহা লোকক জঘন্য ভাষাত গালিগালাজ কৰে। অৱশ্যে সিহঁতে কি কি বেয়া মাত মাতে সেয়া জনোৱা নাই চিৰিয়াখানা কর্তৃপক্ষই।
পার্কখনৰ পক্ষৰ পৰা জনাইছে, এই পাঁচটি ভোটৌ হৈছে আফ্রিকান। চিৰিয়াখানালৈ অহা দর্শনাৰ্থীসকলৰ সন্মুখত ৰখাৰ উপায় নাই। সিহঁতক বেলেগ বেলেগ কৰা হৈছে। লগতে আগলৈ সিহঁতক একেলগে নৰখাৰ পৰিকল্পনা কৰা হৈছে। আনহাতে সিহঁতক পুনৰ সঠিক ভাষাৰ শিক্ষা দিয়াৰ উদ্দেশ্যে বেলেগ স্থানলৈ স্থানান্তৰ কৰা হৈছে।