নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অস্বাস্থ্যকৰ পৰিৱেশত চলিছে পামহি বজাৰ

নিয়মীয়া বাৰ্তা, ৩ অক্টোবৰঃ গুৱাহাটী মহকুমা বজাৰ সমিতিৰ অধীনস্থ গড়চুকৰ পামহিস্থিত নির্মিত ফলমূল আৰু শাক–পাচলিৰ পাইকাৰী বজাৰ সম্প্রতি ডাষ্টবিনত পৰিণত হৈছে৷ বজাৰ পৰিচালনা সমিতিৰ চূড়ান্ত গাফিলতিৰ বাবেই অস্বাস্থ্যকৰ পৰিৱেশত চলি আছে পাইকাৰী বজাৰখন৷ নিয়মীয়াকৈ পৰিষ্কাৰ নকৰাৰ বাবেই বজাৰখন গেলা আৱর্জনাৰে ভৰি পৰা পৰিলক্ষিত হৈছে৷ একাংশ ব্যৱসায়ীয়ে পচা পাচলি বজাৰৰ মাজত পেলাই পাইকাৰী বজাৰখনৰ পৰিৱেশ বিনষ্ট কৰিছে৷ নিজ নিজ দোকানৰ সন্মুখত পেলাই থোৱা গেলা পাচলি গৰুৱে ভক্ষণ কৰাৰ লগতে টানি বজাৰত সিঁচৰতি কৰাৰ পিছতো বজাৰ পৰিচালনা সমিতিৰ দৃষ্টিগোচৰ হোৱা নাই৷

ফলত গেলা–পচা পাচলিৰ দুর্গন্ধই বজাৰখনত পূতিগন্ধময় পৰিৱেশ সৃষ্টি কৰিছে৷ তদুপৰি বজাৰখনত সঘনাই চলাচল কৰা বাহনৰ চেপাত পেলনীয়া পাচলি গেলি পৰিৱেশ নিবষ্ট কৰাত বজাৰত গ্রাহকসকলে নাকত ৰুমাল বান্ধি পাচলি ক্রয় কৰিবলগীয়া হৈছে৷ মহানগৰীৰ অলিয়ে–গলিয়ে স্বচ্ছ সর্বেক্ষণৰ বেনাৰ আঁৰিয়ে গুৱাহাটী পৌৰ নিগমে দায়িত্ব সামৰিলে বুলি একাংশই অভিযোগ কৰে৷

You might also like