নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পঞ্জাবৰ ছেনিটাইজাৰেৰে অসমত হুইস্কী

মানৱ দেহৰ ক্ষতিকাৰক ইএনএৰ চোৰাং সৰবৰাহ

নিয়মীয়া বাৰ্তা ৬ অক্টোবৰঃ   সুৰা সেৱনকাৰীসকল সাৱধান৷ মানৱ দেহৰ বাবে ভয়ংকৰ ক্ষতিকাৰক ছেনিটাইজাৰ প্রস্তুত কৰা উপাদানেৰে অসমত উৎপাদিত হৈছে মেকডুৱেল নাম্বাৰ–১ৰ দৰে ‘লাক্সাৰী’ৰ পৰা ১০০ পাইপার্ছ, ব্লেকডগৰ দৰে ‘ক্লাছিক’ ব্রেণ্ডৰ ভেজাল হুইস্কী৷ ৰাজহ ফাঁকিৰে এক বিশেষ চক্রই অৰুণাচলী সুৰাৰ অবৈধ বেহাউৎপাদনত ব্যৱহূত উপাদানৰ চোৰাং সৰবৰাহৰ নেটৱর্ক শেহতীয়াকৈ ফাদিল হৈছে৷ পঞ্জাব চৰকাৰৰ আবকাৰী বিভাগৰ তদন্তৰে উন্মোচিত হৈছে অবৈধ সুৰা উৎপাদনকাৰী চক্রৰ সৈতে বিভিন্ন ৰাজ্যৰ একাংশ ৰাজনৈতিক আৰু আমোলাৰ গোপন মিতিৰালি৷ ‘এক্সট্রা নিউট্রেল এলক’হ’ল’ (ই এন এ) নামৰ উপাদানবিধ ব্যৱহাৰ হয় কেতবোৰ নির্দিষ্ট ঔষধ উৎপাদনত৷ ছেনিটাইজাৰ প্রস্তুত কৰাৰো অন্যতম উপাদান হ’ল– ই এন এ৷ কিন্তু পঞ্জাবৰ পৰা বিগত ২০০৮ চনৰ পৰাই সুৰা প্রস্তুতৰ বাবে অসমলৈ অবৈধভাৱে যোগান ধৰি অহা হৈছে ছেনিটাইজাৰ উৎপাদনত ব্যৱহূত ই এন এ৷ বছৰ বছৰ ধৰি অবৈধভাৱে পঞ্জাবৰ পৰা লব্ধ ই এন এৰ জৰিয়তে অসমত প্রস্তুত কৰি থকা হৈছে কম দামী ব্রেণ্ডৰ হুইস্কীৰ পৰা নামী–দামী ব্রেণ্ডৰ হুইস্কীও৷ পঞ্জাবৰ আবকাৰী আৰু কৰ বিভাগৰ প্রধান সচিব এ বেণু প্রসাদে ‘নিয়মীয়া বার্তা’ৰ আগত এই কথা প্রকাশ কৰিছে৷ প্রসাদে প্রকাশ কৰা মতে, ২০১৭ চনৰ জুন মাহত অসম চৰকাৰৰ আবকাৰী বিভাগে প্রথমবাৰৰ বাবে পঞ্জাবৰ পৰা অসমলৈ অবৈধভাৱে যোগান ধৰি থকা ই এন এৰ কথা এখন পত্রযোগে পঞ্জাব চৰকাৰক অৱগত কৰিছিল৷ পত্রখনত অসম চৰকাৰে স্পষ্টকৈ উল্লেখ কৰিছিল যে পাতিয়ালাৰ এক ঔষধ প্রস্তুতকাৰী ব্যৱসায়িক প্রতিষ্ঠানৰ পৰা অসমৰ দুই ব্যৱসায়িক প্রতিষ্ঠানে ২০০৮ চনৰ পৰাই ই এন এ লাভ কৰি আছে৷ এনেদৰে অবৈধভাৱে যোগান ধৰা ই এন এই হৈছে অসমত প্রস্তুত হোৱা অবৈধ সুৰাৰ অন্যতম উৎস৷ প্রসাদে প্রকাশ কৰা মতে, অসম চৰকাৰে প্রেৰণ কৰা পত্রৰ আধাৰত পঞ্জাবৰ আবকাৰী বিভাগে যোৱা দুবছৰ ধৰি ৰাজ্যখনত ই এন এ ব্যৱহাৰকাৰী সংস্থাসমূহৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিছিল৷ অৱশেষত ক’ৰোনা অতিমাৰীৰ সময়ত ই এন এৰ অবৈধ ব্যৱসায় কৰি অহা কেইবাটাও চক্র ৰাজ্যখনৰ আবকাৰী বিভাগৰ হাতত ধৰা পৰে৷ আবকাৰী বিভাগৰ তদন্তকাৰী দলে লাভ কৰা মতে, পঞ্জাবৰ কেইবাটাও ডিষ্টিলাৰীয়ে ছেনিটাইজাৰ বনোৱাৰ নামত ভেজাল সুৰা প্রস্তুত কৰি লকডাউনৰ সময়ত গোপনে বজাৰত যোগান ধৰি আছে৷ চলিত বছৰৰ মে’ মাহত প্রথমবাৰৰ বাবে পঞ্জাব চৰকাৰৰ আবকাৰী বিভাগৰ জালত পৰে এই চক্রটো৷ ইয়াৰ পাছত ৰাজ্যখনৰ বিভিন্ন ঠাইৰ পৰা চৰকাৰী আমোলা–বিষয়াকে ধৰি কমেও ৩২জন লোকক পঞ্জাব আৰক্ষীৰ সহযোগিতাত আবকাৰী বিভাগে গ্রেপ্তাৰ কৰে৷ তদন্তত দেখা গৈছে যে প্রতি লিটাৰত মাত্র ৫৫ টকা মূল্যৰ ই এন এৰ ৭৫০ মিলিলিটাৰেৰে কমেও তিনি বটল ২,০০০ টকীয়া দামী ভেজাল স্কচ হুইস্কী প্রস্তুত কৰি উলিয়াইছে চক্রটোৱে৷ উল্লেখ্য যে ই এন এত থকা এলক’হ’লৰ পৰিমাণ হৈছে ৭২.৫ শতাংশ৷ এলক’হ’লৰ মাত্রা ৪০ শতাংশলৈকে পাতল কৰিহে প্রস্তুত কৰা হৈছে যিকোনো ব্রেণ্ডৰ হুইস্কী কিম্বা স্কচ৷ পাতলীকৃত এলক’হ’লত মিলোৱা হৈছে প্রয়োজন অনুসৰি গোন্ধ (ফ্লেৱাৰ) আৰু ৰং৷ ৰাজ্যখনৰ আবকাৰী বিভাগৰ প্রধান সচিব প্রসাদে প্রকাশ কৰা মতে, এই একেই মোডাছ অপাৰেণ্ডী (কার্যপ্রণালী) অসমতো প্রয়োগ কৰি থকা হৈছে৷ ধৃত ব্যক্তিসকলৰ স্বীকাৰোক্তিতে এই কথা প্রকাশ পাইছে৷ পিছে পঞ্জাবৰ পৰা অসমলৈ এতিয়ালৈকে কিমান পৰিমাণৰ ই এন এ যোগান ধৰা হৈছে? প্রসাদৰ মতে, এয়া সম্পূর্ণ অনুমানসাপেক্ষ বিষয়৷ পিছে প্রাথমিক তদন্তত দেখা গৈছে ক’ৰোনাকালীন লকডাউনৰ আগে আগে মাহিলি প্রায় ডেৰ লাখ লিটাৰৰ ই এন এ অসমৰ লগতে গুজৰাটলৈও অবৈধভাৱে যোগান ধৰা হৈছে৷ কেৱল ট্রাকেৰেই যোগান ধৰা হৈছে এই বৃহৎ পৰিমাণৰ এলক’হ’ল৷ আৰু এই নেটৱর্ক আজিৰ নহয়, কেইবাবছৰৰ৷ সেই হিচাপত পঞ্জাবৰ পৰা অসমলৈ চোৰাংকৈ যোগান ধৰা ই এন এৰ মূল্য কেইবাহাজাৰ কোটি টকা হ’ব৷ তদন্ত সম্পূর্ণ হোৱাৰ পাছতহে চোৰাং এই ব্যৱসায়ৰ সঠিক পৰিমাণ স্পষ্ট হ’ব৷ সমগ্র বিষয়টোত অসম চৰকাৰৰ আবকাৰী বিভাগৰ সৈতে যোগাযোগ অক্ষুণ্ণ ৰখা হৈছে বুলি প্রসাদে এই প্রতিবেদকক জানিবলৈ দিয়ে৷ চলাই অহাৰ সময়তে পঞ্জাবৰ পৰা অসমলৈ বিগত এক দশক ধৰি ভেজাল হুইস্কী

You might also like