চিন্তা নাই! আহিছে ফ্লিপকার্টৰ Big Billion Day, পাব লেপটপসহ একাধিক সামগ্ৰী নগণ্য দামত
নিয়মীয়া বাৰ্তা, ৬ অক্টোবৰ: সন্মুখত দুৰ্গা পূজা। ক’ৰোনাৰ প্ৰকোপ থাকিলেও পূজাৰ বতৰত নতুন কাপোৰ নোলোৱাকৈ থাকে কেনেকৈ! কিন্তু ক’ৰোনাকালত বজাৰলৈ গৈ সামগ্ৰী ক্ৰয় কৰাতকৈ এতিয়া জনসাধাৰণৰ মাজত আদৰ দুগুণে বাঢ়িছে অনলাইন শ্বপিংৰ।
ইয়াৰ মাজতে ‘বিগ বিলিয়ন ডে’ (Big Billion Day) কথা ঘোষণা কৰিছে ফ্লিপকার্টে (Flipkart)।
জনা গৈছে, আহি থকা ১৬ অক্টোবৰৰ পৰা ২১ অক্টোবৰ পর্যন্ত চলিব ফ্লিপকার্টৰ এই ‘বিগ বিলিয়ন ডে’ বিক্ৰী।
উল্লেখ্য যে যিসকল লোকৰ ফ্লিপকার্ট প্লাছ (Flipkart+) আছে, তেওঁলোকে ১৫ অক্টোবৰৰ নিশা ৮ বজাৰ পৰায়ে শ্বপিং কৰাৰ সুযোগ পাব।
প্রত্যেক বছৰেই পূজা–দিৱালিৰ সময়ত এনেধৰণৰ বিক্ৰীৰ আয়োজন কৰে ফ্লিপকার্ট, এমাজনৰ দৰে প্ৰায়সমূহ ই–কমাৰ্ছ সংস্থাই। কিন্তু এইবাৰৰ পৰিস্থিতি সম্পূৰ্ণ পৃথক। ক’ৰোনা মহামাৰীত বিধ্বস্ত সমগ্ৰ বিশ্ব, যাৰ বাবে কৰুণ হৈ পৰিছে অর্থনৈতিক অৱস্থাও। কিন্তু এনে সংকটপূৰ্ণ সময়টো ফ্লিপকার্ট আশাবাদী। যাৰ বাবে এইবাৰৰ ‘বিগ বিলিয়ন ডে’ ৰ বিক্ৰীও সংস্থাটোৰ বাবে বিশেষ হৈ পৰিছে।