হাস্পতালৰ পৰা উভতিয়েই বিতর্ক সৃষ্টি ড’নাল্ড ট্রাম্পৰ
নিয়মীয়া বাৰ্তা ৭ অক্টোবৰঃ হাস্পতালত চাৰি দিন ক’ভিড–১৯ৰ চিকিৎসা গ্রহণ কৰি হোৱাইট হাউছলৈ ওভতা আমেৰিকাৰ ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পে মাস্ক খুলি দিয়াৰ পিছতে তীব্র বিতর্কৰ সৃষ্টি হৈছে৷ এক ফটোৰ প’জৰ বাবে মাস্ক খুলি দিছিল ট্রাম্পে৷ কিন্তু হোৱাইট হাউছত থকা বিষয়ববীয়া আৰু কর্মীসকলৰ মাজত কর্মীসকলৰ এনে কামক লৈ চর্চা চলিছে৷
লক্ষণীয়ভাৱে ক’ভিড–১৯ৰ চিকিৎসা গ্রহণ কৰিছে যদিও ড’নাল্ড ট্রাম্প এতিয়াও ভাইৰাছবিধৰ সংক্রমণৰ পৰা মুক্ত হোৱা নাই৷ গতিকে ট্রাম্পে মাস্ক খুলি দিয়া কার্যক লৈ চলিছে সমালোচনা৷ ৰাষ্ট্রপতিগৰাকীৰ এয়া অবিবেচকী কাম বুলিও সংবাদ মাধ্যমে সমালোচনা কৰিছে৷