নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পি কে দত্তৰ ভাষ্যৰ ভিত্তিক লখিমপুৰত গ্ৰেপ্তাৰ আন এজন দালাল

নিয়মীয়া বাৰ্তা ৭ অক্টোবৰঃ   লখিমপুৰ আৰক্ষীয়ে মঙলবাৰে নিশা জিলাখনৰ খগা অঞ্চলৰ পানীগাওঁৰ পৰা অতুল নাথক আটক কৰে। এছ আই কেলেংকাৰিৰ মাষ্টাৰমাইণ্ড আৰু পূৰ্বৰ আই পি এছ বিষয়া পি কে দত্তৰ বিবৃতিৰ ভিত্তিত অতুলক অসম আৰক্ষী এছ আই পৰীক্ষা কেলেংকাৰিত জড়িত থকাৰ বাবে আটক কৰা হৈছে।

চি আই ডি আৰু লখিমপুৰ আৰক্ষীৰ এটা দলে অভিযুক্তজনক তেওঁৰ বাসগৃহৰ পৰা আটক কৰে। সূত্ৰ অনুসৰি, অতুল নাথ নিশ্চিত আছিল যে তেওঁৰ নাম প্ৰকাশ কৰা নহ’ব। কিন্তু মঙলবাৰে পিকে দত্তক জেৰা কৰাৰ সময়ত তেওঁৰ নাম পোহৰলৈ আহে। অতুল নাথক মঙলবাৰে নিশাই গুৱাহাটীলৈ অনা হৈছে আৰু বৰ্তমান তেওঁক চিআইডিয়ে সোধা-পোছা কৰি আছে।

উল্লেখ কৰিব পাৰি যে প্ৰায় ১৫ দিনৰ পিছত অসম আৰক্ষী এছ আই পৰীক্ষাৰ প্ৰশ্ন কাগজ ফাদিল কেলেংকাৰিৰ মুখ্য অভিযুক্ত আৰক্ষীৰ প্ৰাক্তন ডিআইজি প্ৰশান্ত কুমাৰ দত্তক ভাৰত-নেপাল সীমাত গ্ৰেপ্তাৰ কৰা হৈছিল মঙলবাৰে।

You might also like