অজানিতে স্কাইডাইভ কৰি গিনিজ বুকত নাম তুলিলে ১০৩ বছৰীয়া বৃদ্ধই, ভাইৰেল ভিডিঅ’
নিয়মীয়া বাৰ্তা, ৭ অক্টোবৰঃ কিছুমান লোকৰ বাবে বয়স কেৱল এক সংখ্যাহে। কিয়নো তাতকৈ বেছি শক্তিশালী তেওঁলোকৰ জীৱনশৈলী। ঠিক এই কথাকেই প্ৰমাণ কৰি চেঞ্চুৰী কৰিও আকাশত উৰিবলৈ সাহস কৰি দেখুৱালে এগৰাকী লোকে। ১০৩ বছৰ বয়সত ভৰি দিয়া এগৰাকী চিৰতৰুণে স্কাইডাইভ কৰি গোটেই বিশ্বকে চমকিত কৰি তুলিলে!
উচ্চতাক লৈ ভয় নাই , শূন্যৰ পৰা দুহাত মেলি উৰাৰ সাহস বহু যুৱক বা কম বয়সৰ লোকৰ নাথাকে। তেনেসময়তে বয়সক বুঢ়া আঙুলি দেখুৱাই মার্কিন মুলুকৰ এইগৰাকী বৃদ্ধই ১০৩ বছৰ বয়সটো উৰাজাহাজৰ পৰা মহাশূন্যলৈ উৰা মাৰি ৰচিলে এক ইতিহাস।
আলফ্রেড আল বাস্কি নামৰ এই বৃদ্ধগৰাকীয়ে ১৪ হাজাৰ ফুট উচ্চতাত হাঁহিমুখে উৰি প্রতিটো মুহূর্ত উপভোগ কৰিলে। আৰু তেনেকৈয়ে অজানিতেই নিজৰ নাম খোদিত কৰিলে গিনিজ বুকত (Guinness World Records)।
১০৩ বছৰ ১৮১ দিন বয়সত প্রথমবাৰ কোনো পুৰুষে পেৰাচ্যুট জাম্প কৰিলে। কিন্তু বিশ্ব ৰেকর্ডৰ বাবে তেওঁ একেবাৰেই এয়া কৰা নাছিল। ইয়াৰ কাৰণটো সম্পূৰ্ণ বেলেগ।
উল্লেখ্য যে লোকজনে তেওঁৰ দুই নাতিক কথা দিছিল যে তেওঁলোক স্নাতক ডিগ্ৰী পালে আনন্দত তেওঁ প্লেনৰ পৰা শূন্যলৈ জাঁপ দিব। আৰু বিপৰীতে ককাকৰ স্বপ্ন পূৰণ কৰি স্নাতক ডিগ্ৰী লৈছিল দুই নাতিয়ে। সিহঁতৰ ওচৰত প্রতিজ্ঞাবদ্ধ ককাকেও সেই সুখত এক মুহূর্তে দেৰি নকৰি পেৰাচ্যুট জাঁপ কৰি আনন্দ প্ৰকাশ কৰিলে। সেই ভিডিঅ’ এতিয়া ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে।
চাওক সেই ভিডিঅ’-
The 103-year-old said he would do it if his grandsons graduated college! ?
— GuinnessWorldRecords (@GWR) October 3, 2020