নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আইপিএল চাওক মাত্র ৩৫১ টকাত! কিন্তু কেনেকৈ?

এই প্লেনৰ মূল আকর্ষণ হ'ল- দৈনিক কোনো নির্দিষ্ট ডাটা লিমিট নাই

নিয়মীয়া বাৰ্তা, ৬ অক্টোবৰ: ভাৰতৰ টেলিকম বজাৰত এতিয়া কেৱল Jio ৰ দপদপনি! Jio-ক টক্কৰ দিবলৈ এইবাৰ নতুন প্লেনৰে ভাৰতৰ টেলিকম বজাৰত আত্মপ্রকাশ কৰিছে Vi! আচলতে Vodafone Idea-ই নতুন নাম, ল’গ’লৈ হেৰুৱা বজাৰখন পুনৰ দখলৰ লক্ষ্যৰে আত্মপ্রকাশ কৰিছে ভাৰতৰ বজাৰত।

উল্লেখ্য যে চলিত বৰ্ষৰ আৰবত অনুষ্ঠিত হৈ থকা আইপিএলৰ বাবে একেবাৰে সস্তীয়া এক প্লেন লৈ আহিছে Vi য়ে। প্রি-পেড গ্রাহকৰ বাবে অনা নতুন প্লেনৰ দাম মাত্ৰ ৩৫১ টকা। এই প্লেনৰ মূল আকর্ষণ হ’ল- দৈনিক কোনো নির্দিষ্ট ডাটা লিমিট নাই

এবাৰ ৰিচার্জত গ্ৰাহকে লাভ কৰিব ১০০ জিবি ডাটা। যি দিনা যিমান প্রয়োজন, সেই দিনা মন অনুযায়ী ডাটা খৰচ কৰিব পাৰিব প্রি-পেড গ্রাহকে।

সংস্থাটোৰফালৰ পৰা জনোৱা হৈছে, IPL আৰম্ভ হোৱাৰ বাবেই ক্রিকেটপ্রেমীৰ কথা ভাবিয়ে এই নতুন প্লেন অনা হৈছে। ৩৫১ টকাৰ এই প্রি-পেড প্লেনৰ ম্যাদ হৈছে ৫৬ দিন।

লগতে পঢ়কঃ

Vi-ৰ আন আন আকৰ্ষণীয় প্লেনসমূহ:

১) ২৪৯ টকাৰ প্লেনত পাব প্রতিদিনে ১.৫ জিবি ইন্টাৰনেট ডাটা। এই প্লেনৰ বৈধতা ২৮ দিন।

২) ২৯৯ টকাৰ প্লেনত পাব প্রতিদিনে ২+২ জিবি ইন্টাৰনেট ডাটা। এই প্লেনৰ বৈধতা ২৮ দিন।

৩) ৩৯৯ টকাৰ প্লেনত পাব প্রতিদিনে ১.৫ জিবি ইন্টাৰনেট ডাটা। এই প্লেনৰ বৈধতা ৫৬ দিন।

৪) ৫৯৯ টকাৰ প্লেনত পাব প্রতিদিনে ১.৫ জিবি ইন্টাৰনেট ডাটা। এই প্লেনৰ বৈধতা ৮৪ দিন।

৫) ১৪৯ টকাৰ প্লেনত পাব মুঠ ২ জিবি ইন্টাৰনেট ডাটা + ৩০০টা SMS। এই প্লেনৰ বৈধতা ২৮ দিন।

৬) ৩৭৯ টকাৰ প্লেনৰ পাব মুঠ ৬ জিবি ইন্টাৰনেট ডাটা + ১০০০টা SMS। এই প্লেনৰ বৈধতা ৮৪ দিন।

ইয়াৰ বাহিৰেও ২,৩৯৯ টকাত আছে এটি বার্ষিক প্লেন। এই প্লেনত গ্ৰাহকে লাভ কৰিব মুঠ প্রতিদিনে ১.৫ জিবি ইন্টাৰনেট ডাটা। এই প্লেনৰ বৈধতা ৩৬৫ দিন।

You might also like