এছবিআইত ৯২ পদৰ বিজ্ঞাপন
ষ্টেট বেংক অৱ ইণ্ডিয়া (এছবিআই)ত খালী হোৱা স্পেচিয়েলিষ্ট কেডাৰ অফিচাৰ আৰু পোষ্ট ডক্টৰেল ৰিছার্চ ফেল’ৰ ৯২ পদত প্রার্থী নিয়োগৰ যো–জা চলিছে৷ যোগ্য ভাৰতীয় প্রার্থীৰ পৰা অনলাইনযোগে আবেদন আহ্বান কৰি এছ বি আইৰ কেন্দ্রীয় নিযুক্তি আৰু পদোন্নতি বিভাগৰ মহাপ্রবন্ধকে এক বিস্তৃত নিয়োগ বিজ্ঞাপন সংবাদ পত্রত প্রকাশ কৰিছে৷ প্রকাশিত বিজ্ঞাপনৰ তথ্য অনুসৰি, খালী পদসমূহৰ ভিতৰত আছে– ৰিস্ক স্পেচিয়েলিষ্ট (১০), প’ট ফ’লি’ মেনেজমেণ্ট স্পেচিয়েলিষ্ট (৩), ৰিস্ক স্পেচিয়েলিষ্ট –ক্রেডিট (৪), ৰিস্ক স্পেচিয়েলিষ্ট –এণ্টাৰপ্রাইজ (১), ৰিস্ক স্পেচিয়েলিষ্ট–আই এন ডি (৪), ডেপুটী মেনেজাৰ–ডাটা ছায়েনটিষ্ট (১১), মেনেজাৰ–ডাটা ছায়েনটিষ্ট (১১), ডেপুটী মেনেজাৰ–ছিষ্টেম অফিচাৰ (৫), ডাটা প্রটেকচন অফিচাৰ (১), পোষ্ট ডক্টৰেল ৰিছার্চ ফেল’ (৫), ডাটা ট্রেইনাৰ (১), ডাটা ট্রান্সলেটৰ (১), ছিনিয়ৰ কনছালটেণ্ট এনালিষ্ট (১), এছিছটেণ্ট জেনেৰেল মেনেজাৰ (১), ডেপুটী মেনেজাৰ–ছিকিউৰিটী (২৮) আৰু মেনেজাৰ–ৰিটেইল প্রডাক্টছ (৫)৷ আবেদনকাৰী চিএ/চিএফএ/এমবিএ/পিজিডিএম/এমএছচি–ষ্টেটিছটিক, বিই/বিটেক/এমটেক, স্নাতক ডিগ্রীধাৰী, পিএইচডি–বেংকিং/ফাইনেন্স/আইটি/ইক’নমিক্স আৰু বিই/বিটেক–চিএছ/আইটি বিষয়ৰ ডিগ্রীধাৰী হোৱা হ’ব লাগিব৷ আবেদন মাচুল হিচাপে অনলাইন মাধ্যমেৰে এছবিআইৰ হকে সাধাৰণ, অ’বিচি আৰু আর্থিকভাৱে পিছপৰা শ্রেণীৰ প্রার্থীয়ে ৭৫০ টকা পৰিশোধ কৰিব লাগিব৷ অৱশ্যে সংৰক্ষিত শ্রেণীৰ প্রার্থীয়ে কোনোধৰণৰ আবেদন মাচুল পৰিশোধ কৰিব নালাগে৷ বয়স ১ এপ্রিল, ২০২০লৈ ২৫–৩৫ বছৰ৷ অৱশ্যে বয়সৰ ঊর্ধ্বসীমা সংৰক্ষিত শ্রেণীৰ প্রার্থীয়ে বিধিগত ৰেহাই লাভ কৰিব৷ দৰমহাৰ নিৰিখ এমএমজিএছ–২ৰ আধাৰত ৩১,৭০৫–১১৪৫/১–৩২৮৫০–১৩১০/১০–৪৫,৯৫০ টকা আৰু এমএমজিএছ–৩ৰ আধাৰত ৪২,০২০–১৩১০/৫–৪৮,৫৭০–১৪৬০/২–৫১,৪৯০ টকা৷ পদপ্রত্যাশীসকলে বিজ্ঞাপন বিষয়ক বিতং তথ্যৰ লগতে অনলাইনযোগে আবেদন দাখিল কৰিবলৈ এছ বি আইৰ ৱেবছাইটhttps://bank.sbi/careers or https://www.sbi.co.in/careers ভিজিট কৰিব পাৰে৷ অনলাইনযোগে আবেদন দাখিলৰ অন্তিম তাৰিখ ৮ অক্টোবৰ, ২০২০৷