নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দীঘলঠেঙীয়া যুৱতী, ৪ ফুট ৫ ইঞ্চিৰ ভৰিৰে গঢ়িলে গিনীজ ৱৰ্ল্ড ৰেকৰ্ড

নিয়মীয়া বাৰ্তা, ৭ অক্টোবৰঃ গিনীজ ৱৰ্ল্ড ৰেকৰ্ড কৰাৰ হাবিয়াস প্ৰায়ভাগৰে থাকে। তাৰ বাবে লাগে পৰিশ্ৰম বা সাধনা। কিন্তু সৌভাগ্যৱান সেইসকল, যি প্ৰাকৃতিকভাৱেই গিনীজ ৱৰ্ল্ড ৰেকৰ্ডত নিজৰ নাম জিলিকাবলৈ সক্ষম হয়। এনে এগৰাকী মহিলাই অলপতে নিজৰ নাম গিনীজ ৱৰ্ল্ড ৰেকৰ্ডত ৰাখিবলৈ সক্ষম হ’ল নিজৰ দীঘল ভৰিৰ জৰিয়তে।

তেওঁ হ’ল আমেৰিকাৰ ১৭ বছৰীয়া মেচি কুৰিন, টেক্সাছ চহৰত বাস কৰা ৬ ফুট ১০ ইঞ্চি উচ্চতাৰ যুৱতীগৰাকীৰ দীঘল ভৰিয়ে অধিকাৰ কৰি আছে মুঠ উচ্চতাৰ ৬০ শতাংশ। মেচিৰ সোঁ ভৰি ১৩৪.৩ ছেমি (৪ ফুট ৫ ইঞ্চি) দীঘল আৰু বাঁও ভৰি ১৩৫.৩ ছেমি (৪ ফুট ৪ ইঞ্চি) দীঘল।

ৰাছিয়াৰ একাটেৰিনা লিছিনাৰ দ্বাৰা অনুষ্ঠিত অনুষ্ঠানত আগৰ ৫২.২ ইঞ্চিৰ আগৰ ৰেকৰ্ড ভংগ কৰি এই অভিলেখ গড়ে মেচিয়ে।

গিনীছ ৱৰ্ল্ড ৰেকৰ্ড ৱেবছাইটত মেচিয়ে উল্লেখ কৰে যে অস্বাভাৱিক শাৰীৰিক বৈশিষ্ট্য থকা লোকসকল লজ্জিত হ’ব নালাগে। নিজকে লুকুৱাব নালাগে। এই ৰেকৰ্ডে দীঘলীয়া ভৰিৰ সকলো মহিলাকে অণুপ্ৰেৰিত কৰিব।

যুৱতীগৰাকীৰ মাকে কোৱা মতে, ১৮ মহীয়া শিশু মেচিৰ সেই সময়ত ভৰিৰ জোখ আছিল ২ ফুট ১১ ইঞ্চি। ভৰি দুখনক লৈ মেচিৰ যথেষ্ট সমস্যা আছে যদিও মেচিয়ে ইয়াক সুবিধালৈ পৰিৱৰ্তন কৰি লয়।

You might also like