নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাৰতীয় মানক ব্যুৰ’ত ১৭১ পদ

নিয়মীয়া বাৰ্তা, ৭ অক্টোবৰঃ ভাৰত চৰকাৰৰ গ্রাহক পৰিক্রমা, খাদ্য আৰু ৰাজহুৱা বিতৰণ মন্ত্রালয়ৰ অধীনস্থ গ্রাহক পৰিক্রমা বিভাগৰ দ্বাৰা পৰিচালিত ভাৰতীয় মানক ব্যুৰ’ত (Bureau of Indian Standards) খালী হৈছে ১৭১ পদ৷ যোগ্য ভাৰতীয় প্রার্থীৰ পৰা অনলাইনযোগে আবেদন আহ্বান কৰি ভাৰতীয় মানক ব্যুৰ’ৰ সঞ্চালকে এক বিস্তৃত নিয়োগ বিজ্ঞাপন প্রকাশ কৰিছে৷ প্রকাশিত বিজ্ঞাপনৰ তথ্য অনুসৰি, খালী পদসমূহ গ্রুপ এ, গ্রুপ বি আৰু গ্রুপ চি শাখাত বিভক্ত৷ গ্রুপ এৰ খালী পদসমূহৰ ভিতৰত আছে সহকাৰী সঞ্চালক (প্রশাসন আৰু বিত্তীয়) ২টা, সহকাৰী সঞ্চালক (মার্কেটিং আৰু গ্রাহক পৰিক্রমা) ১টা, সহকাৰী সঞ্চালক (পুথিভঁৰাল) ১টা৷ আনহাতে, গ্রুপ বিৰ খালী পদসমূহৰ ভিতৰত আছে সহকাৰী শাখা বিষয়া ১৭টা, ব্যক্তিগত সহায়ক ১৬টা আৰু কনিষ্ঠ অনুবাদক হিন্দী ১টা৷ শেষত গ্রুপ চিৰ খালী পদসমূহৰ ভিতৰত আছে পুথিভঁৰাল সহায়ক ১টা৷ ষ্টেনোগ্রাফাৰ ১৭টা, জ্যেষ্ঠ সচিবালয় সহায়ক ৭৯টা আৰু কনিষ্ঠ সচিবালয় সহায়ক ৩৬টা৷ আগ্রহীসকলে বিজ্ঞাপন বিষয়ক সবিশেষ তথ্যৰ লগতে পদৰ বাবে থাকিবলগীয়া শৈক্ষিক অর্হতা, অভিজ্ঞতা, নির্দেশনা, অন্যান্য চর্তাৱলীকে ধৰি অনলাইনযোগে আবেদন দাখিল কৰিবলৈ ৱেবছাইটwww. bis.gov.in লগ–ইন কৰিব পাৰে৷ আবেদন সম্পর্কীয় অনুসন্ধানৰ বাবে ম’বাইল নম্বৰ ৯৫১৩৮–৫০০২৬ আৰু[email protected] ই–মেইলযোগে যোগাযোগ কৰিব পাৰে৷ আবেদন দাখিলৰ অন্তিম তাৰিখ ৯ অক্টোবৰ, ২০২০৷

You might also like