নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শ্বাৰজাহত আজি কলকাতা বাংগালুৰুৰ মুখামুখি

নিয়মীয়া বাৰ্তা, ১২ অক্টোবৰঃ ক্রমাগত দুখন মেচত জয়েৰে আত্মবিশ্বাসী হৈ থকা কলকাতা নাইট ৰাইডার্ছ আজি শক্তিশালী ৰয়েল চেলেঞ্জার্ছ বাংগালুৰুৰ মুখামুখি হ’ব৷

শ্বাৰজাহত অনুষ্ঠিত হ’বলগীয়া মেচখনত দুয়োটা দলে জয়ৰ ধাৰা অক্ষুণ্ণ ৰখাৰ লক্ষ্যৰে খেলপথাৰত নামিব৷ দীনেশ কার্তিক নেতৃত্বাধীন কলকাতাই বিগত দুখন মেচত ক্রমে চেন্নাই ছুপাৰ কিংছ আৰু কিংছ একাদশ পঞ্জাবক পৰাস্ত কৰিবলৈ সক্ষম হৈছে৷

ইফালে বিৰাট কোহলি নেতৃত্বাধীন আৰ চি বিয়ে শেহতীয়া মেচখনত চেন্নাই ছুপাৰ কিংছৰ বিৰুদ্ধে ৩৭ ৰানৰ বৃহৎ জয়েৰে আত্মবিশ্বাসী হৈ আছে৷ যুৱ তাৰকা শুভমন গিল আৰু ৰাহুল ত্রিপাঠীৰ সুন্দৰ ফর্মে কলকাতা নাইট ৰাইডার্ছৰ শিবিৰক উৎসাহী কৰি ৰাখিছে৷ অধিনায়ক কার্তিকেও কিংছ একাদশৰ বিৰুদ্ধে মেচ উইনিং অর্ধশতক অর্জন কৰিবলৈ সক্ষম হৈছে৷

ইয়াৰ বিপৰীতে কোহলি আৰু দেৱদূত পাড়িকালৰ সুন্দৰ ফর্মে আৰ চি বিৰ মনোবল বৃদ্ধি কৰিছে যদিও এবি ডি ভিলিয়ার্ছৰ পৰা দলটোৱে কাইলৈ বিস্ফোৰক ইনিংছ আশা কৰিব৷ বলিঙত য়ুজৱেন্দ্র চাহাল আৰু নৱদীপ ছাইনীয়ে আৰ চি বিৰ প্রত্যাশা পূৰণ কৰিবলৈ সক্ষম হৈছে৷
খেলৰ সময়- সন্ধিয়া : ৭.৩০ বজা৷

You might also like