নিয়মীয়া বাৰ্তা, ১৪ অক্টোবৰঃ উত্তৰ প্রদেশত দলিত সম্প্রদায়ৰ লোকৰ ওপৰত সঘনে সংঘটিত হোৱা অকল্পনীয় আক্রমণ তথা আতিশয্যৰ ঘটনাক কেন্দ্র কৰি দেশৰ সংবাদ মাধ্যমত চলি আহিছে সৰৱ চর্চা৷
শেহতীয়াকৈ ৰাজ্যখনৰ ললিতপুৰ জিলাৰ এগৰাকী ৬৫ বছৰীয়া লোকক প্রস্রাৱ পান কৰিবলৈ বাধ্য কৰোৱাৰ উপৰি পুত্রসহ লোকজনক নৃশংসভাৱে প্রহাৰ কৰা ঘটনাই দেশজুৰি সৃষ্টি কৰিছে চাঞ্চল্য৷ এই লজ্জাজনক ঘটনাটো যোৱা সপ্তাহত সংঘটিত হৈছে৷ ইতিমধ্যে ইয়াৰ সৈতে জড়িত এজন লোকক আৰক্ষীয়ে গ্রেপ্তাৰো কৰিছে৷ নির্যাতনৰ বলি লোকজনৰ পৰিয়ালৰ অন্য সদস্যই আৰক্ষীক অভিযোগ দিয়াৰ পিছতে মূল অভিযুক্তজনক গ্রেপ্তাৰ কৰা হৈছে৷ এই ঘটনাত অন্য কেইবাজনো লোক জড়িত থকা বুলি আৰক্ষীয়ে উল্লেখ কৰিছে৷
৬৫ বছৰীয়া অমৰ নামৰ লোকজন ললিতপুৰৰ ৰোডা গাঁৱৰ বাসিন্দা৷ কেইদিনমান পূর্বে চনু যাদৱ নামৰ লোক এজনে দুই পিতা–পুত্রক প্রস্রাৱ পান কৰিবলৈ বাধ্য কৰাইছিল৷ ইফালে, আৰক্ষী অধীক্ষক নিৰজা মাঞ্জাৰ বেবে সমগ্র ঘটনাত এদল উদণ্ড লোক জড়িত হৈ থকা বুলি উল্লেখ কৰিছে৷