নিয়মীয়া বার্তা, ১৪ অক্টোবৰঃ খৰালিৰ আগমনৰ লগে লগেই মহানগৰীৰ পাহাৰত চলিছে ব্যাপক খনন কার্য৷ জিলা প্রশাসনৰ নির্দেশনালৈ বুঢ়া আঙুলি দেখুৱাই একাংশ ব্যৱসায়ীয়ে নির্বিঘ্ণে চলাইছে পাহাৰ খনন৷ দিনে–নিশাই ট্রাক–ডাম্পাৰেৰে পাহাৰৰ মাটি খনন কৰি মহানগৰীৰ বিভিন্ন ঠাইলৈ সৰবৰাহ কৰা পৰিলক্ষিত হৈছে৷
প্রশাসনৰ নির্দেশনা উলংঘাৰে একাংশ বন বিষয়া–কর্মচাৰীক মেনেজ কৰি অসাধু ব্যৱসায়ীয়ে পাহাৰৰ মাটি খনন কৰিছে যদিও এইক্ষেত্রত বিভাগীয় কর্তৃপক্ষই বিহিত ব্যৱস্থা গ্রহণ কৰা পৰিলক্ষিত হোৱা নাই৷ বিশেষকৈ মহানগৰীৰ পাঞ্জাবাৰী আৰু গীতানগৰ অঞ্চলত অবৈধভাৱে একাংশ অসাধু ব্যৱসায়ীয়ে পাহাৰৰ মাটি কাটি বিক্রী কৰি আহিছে৷ দিন দুপৰতে পাহাৰৰ মাটি ডাম্পাৰেৰে সাতগাঁও, ছয়মাইল, পাথৰকুৱেৰী, বৰবাৰী আদি অঞ্চললৈ কঢ়িয়াই নিয়া দেখা গৈছে৷
পুৱাৰে পৰা মাজনিশালৈ পাহাৰৰ মাটি কাটি মহানগৰীৰ বিভিন্ন ঠাইলৈ নিয়াৰ পিছতো বন বিভাগ তথা আৰক্ষীৰ লোকে এইক্ষেত্রত চকুমুদা কুলিৰ ভাও জোৰা পৰিলক্ষিত হৈছে৷ ইপিনে, মহানগৰীৰ নুনমাটি, নাৰেংগী, ভৱানীপুৰ, মালিগাঁও, আদিংগিৰি আৰু ধীৰেনপাৰাৰ লগতে মহানগৰীৰ অন্যান্য অঞ্চলতো অসাধু লোকে খৰালিৰ আগমনৰ লগে লগে ডাম্পাৰেৰে খনন কার্য চলোৱাৰ অভিযোগ উত্থাপিত হৈছে৷
উল্লেখ্য যে মহানগৰীৰ পাহাৰ অঞ্চলত সংঘটিত হোৱা ভয়াৱহ ভূমিস্খলনৰ প্রতি লক্ষ্য ৰাখি কামৰূপ মহানগৰ জিলা প্রশাসনে পাহাৰৰ মাটি খননত নিষেধাজ্ঞা জাৰি কৰিছে৷ নিষেধাজ্ঞা জাৰি কৰাৰ উপৰি ৰাজহ চক্র বিষয়াৰ অনুমতি অবিহনে মহানগৰীৰ পাহাৰসমূহত খনন কার্য চলোৱা লোকৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্রহণ কৰিবলৈ জিলা উপায়ুক্তই নির্দেশ দিয়াৰ পিছতো কিদৰে দিনে–নিশাই পাহাৰসমূহত খনন কার্য চলি আহিছে সেয়া গভীৰ ৰহস্যৰ মাজত সোমাই পৰিছে৷
মন কৰিবলগীয়া কথা এই যে বিগত সময়ছোৱাত মহানগৰীৰ বিভিন্ন স্থানত সংঘটিত হোৱা ভূমিস্খলনৰ ফলত কেইবাজনো লোকৰ প্রাণহানি হোৱাৰ উপৰি বহু লোক গুৰুতৰভাৱে আহত হৈছে৷ পাহাৰত অবাধে খনন কার্য চলাই থকাসকলৰ বিৰুদ্ধে আৰক্ষী প্রশাসনক বিহিত ব্যৱস্থা গ্রহণ কৰিবলৈ স্থানীয় বাসিন্দাসকলে আহ্বান জনাইছে৷