নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শিক্ষা বিভাগৰ টোগলকী কাণ্ডঃ চেঙাত অসমীয়া বিদ্যালয়ত বাংলা ভাষাৰ পুথি

শিক্ষা বিভাগৰ ভাষাধ্বংসী কার্যক ধিক্কাৰ

নিয়মীয়া বাৰ্তা, ৬ ডিচেম্বৰঃ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে প্রতিবাদত সমগ্র অসম তথা উত্তৰ পূর্বাঞ্চল উত্তাল হৈ থকাৰ সময়তে অসম চৰকাৰৰ শিক্ষা বিভাগৰ কর্মকাণ্ডই সচেতন মহলৰ চকু কপালত তুলিছে ৷ এইবাৰ শিক্ষা বিভাগে অসমীয়া মাধ্যমৰ বিদ্যালয়ত যোগান ধৰিলে বাংলা ভাষাৰ পুথি ৷ বৰপেটা জিলাৰ চেঙা প্রাথমিক শিক্ষা খণ্ডৰ অন্তর্গত ১৫৩১নং কদমতলা প্রাথমিক বিদ্যালয়খনক যোগান ধৰা হৈছে বাংলা ভাষাৰ পুথি ৷ বাংলা ভাষাৰ চতুর্থ শ্রেণীৰ গণিত অনুশীলন পুথিখনে এতিয়া বৃহত্তৰ চেঙা অঞ্চলত প্রতিক্রিয়াৰ সৃষ্টি কৰিছে ৷ জানিব পৰা মতে, বিদ্যালয়খনৰ প্রধান শিক্ষক অঞ্জন কুমাৰ ভড়ালীয়ে যোৱা ৩ ডিচেম্বৰত চেঙা শিক্ষাখণ্ডৰ পৰা সংগ্রহ কৰিছিল নতুন বর্ষৰ বাবে পাঠ্যপুথি ৷ তাৰ ভিতৰত চতুর্থ শ্রেণীৰ গণিত অনুশীলন পুথিখন বাংলা ভাষাৰ ৷ এই সম্পর্কত চেঙা শিক্ষা খণ্ডৰ খণ্ড শিক্ষা বিষয়া নৱজিৎ বায়নে এয়া দুর্ভাগজনক বুলি দোহাৰে ৷ এইক্ষেত্রত বৰপেটা জিলা ছাত্র সন্থাৰ উপদেষ্টা দীপেন তালুকদাৰে এই ঘটনাক তীব্র ভাষাৰে গৰিহণা দিয়াৰ লগতে তদন্ত দাবী কৰিছে ৷ আনহাতে অসমীয়া ভাষা নিঃশেষ কৰিবলৈ চৰকাৰী পক্ষই ষড়যন্ত্র চলোৱাৰ ই এক নিকৃষ্ট উদাহৰণ বুলিও অভিযোগ উত্থাপন কৰে ছাত্রনেতা দীপেন তালুকদাৰে ৷

You might also like