নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সঞ্জীত কৃষ্ণৰ মুখত বহু ‘ডাঙৰ মানুহ’ৰ নাম

নিয়মীয়া বাৰ্তা, ১৮অক্টোবৰঃ চি আই ডিৰ মাৰাথন জেৰাত বিধ্বস্ত অসম আৰক্ষীৰ এছ আই নিযুক্তি কেলেংকাৰিৰ মূল অভিযুক্ত তথা কৰিমগঞ্জৰ তদানীন্তন আৰক্ষী অধীক্ষক কুমাৰ সঞ্জীত কৃষ্ণ৷ ৰাজ্য কঁপোৱা এছ আই নিযুক্তি কেলেংকাৰিৰ গোচৰত যোৱা বৃহস্পতিবাৰে চি আই ডিৰ হাতত গ্রেপ্তাৰ হোৱা আৰক্ষী অধীক্ষকজনে তদন্তকাৰী বিষয়াৰ বহু প্রশ্নৰ সন্মুখীন হ’ব লগা হৈছে৷ চি আই ডিৰ কার্যালয়ত দুই দালাল ৰুবুল হাজৰিকা আৰু সৰোজ শর্মাৰ লগত মুখামুখিকৈ বহুৱাই লৈ চলোৱা জেৰাত সৌ সিদিনালৈকে কৰিমগঞ্জৰ ‘মহাপ্রতাপী’ তথা ‘প্রভাৱশালী’ আৰক্ষী অধীক্ষক কুমাৰ সঞ্জীত কৃষ্ণই তদন্তকাৰী বিষয়াৰ প্রতিটো প্রশ্নৰ উত্তৰ দিবলৈ গৈ উজুটি খাবলগীয়া হৈছে৷

আৰক্ষীৰ এক সূত্রই জনোৱা মতে, মুঠ ১ কোটি টকাত এছ আই পদৰ পৰীক্ষাৰ প্রশ্নকাকত ৰুবুল হাজৰিকা আৰু দিবন ডেকাক যোগান ধৰাৰ চুক্তি কৰিছিল সঞ্জীত কৃষ্ণই৷ এই চুক্তিৰ প্রক্রিয়া যোৱা জুলাই মাহতে সম্পন্ন কৰা হৈছিল৷ চুক্তি অনুসৰি দালাল ৰুবুল হাজৰিকাই আৰক্ষী অধীক্ষকজনক আগধন হিচাপে ৪০ লাখ টকা দিছিল৷ এছ আই পদৰ পৰীক্ষা সম্পন্ন হোৱাৰ পাছতে দুটা কিস্তিত ৬০ লাখ টকা দিয়াৰ কথা আছিল৷ এই চুক্তিমর্মে হোৱা ১৮ ছেপ্ঢেম্বৰত কৰিমগঞ্জৰ আৰক্ষী অধীক্ষকৰ চৰকাৰী বাসগৃহত কুমাৰ সঞ্জীত কৃষ্ণই ৰুবুল হাজৰিকা আৰু দিবন ডেকাক এছ আই পদৰ প্রশ্ণকাকত যোগান ধৰিছিল৷ দুই দালাল দিবন আৰু ৰুবুলে ম’বাইল ফোনেৰে প্রশ্নকাকতৰ ফটো তুলিছিল৷ এই প্রশ্নকাকতেৰে দিবন এণ্ড কোম্পানীয়ে ৮ৰ পৰা ১৫ লাখ টকাত এছ আই পদৰ চাকৰি বিক্রীৰ বাবে ঠিক কৰা প্রার্থীসকলক আনুষ্ঠানিক পৰীক্ষাৰ এদিন পূর্বে ‘ৰিহার্চেল’ পৰীক্ষা পাতি তথা উত্তৰ লিখা প্রশ্নকাকত মুখস্থ কৰাৰ বাবে যোগান ধৰি মূল লিখিত পৰীক্ষাত উত্তীর্ণ কৰোৱাৰ ব্লুপ্রিণ্ট ৰচনা কৰিছিল৷ এনেদৰেই দিবন বাহিনীয়ে ৰাজ্যৰ ভিন্ন প্রান্তত দালাল নিয়োগ কৰি এছ আই পদৰ চাকৰি প্রার্থীৰ পৰা ৫০ কোটিৰো অধিক টকা সংগ্রহ কৰা বুলি সন্দেহ কৰিছে চি আই ডিয়ে৷

ইফালে চি আই ডিৰ জেৰাত এছ আই নিযুক্তি কেলেংকাৰিত বহু ‘ডাঙৰ মানুহ’ জড়িত থকা বুলি স্বীকাৰোক্তি দিছে সঞ্জীত কৃষ্ণই৷ ধনৰ লোভত অসম আৰক্ষীক কলংকিত কৰা আৰক্ষী অধীক্ষকজনে বহু ডাঙৰ মানুহৰ হেঁচাত পৰি প্রশ্নকাকত যোগানত চুক্তি কৰিবলৈ বাধ্য হৈছিল বুলি তদন্তকাৰী বিষয়াৰ আগত প্রকাশ কৰে৷ আৰক্ষীৰ সূত্রটোৱে লগতে জনোৱা মতে, চি আই ডিৰ জিম্মা শেষ হ’লে গুৱাহাটী কেন্দ্রীয় কাৰাগাৰত থাকিব বিচৰা নাই কুখ্যাত আৰক্ষী অধীক্ষকজনে৷ সঞ্জীত কৃষ্ণই গুৱাহাটী কেন্দ্রীয় কাৰাগাৰত থাকিব লগা হ’লে তেওঁৰ জীৱনলৈ ভাবুকি আহিব বুলি জনাইছে৷ কৰিমগঞ্জৰ তদানীন্তন আৰক্ষী অধীক্ষকজনে নিজ কার্যকালত বহু দাগী অপৰাধীক গ্রেপ্তাৰ কৰি গুৱাহাটী কেন্দ্রীয় কাৰাগাৰলৈ প্রেৰণ কৰিছে৷ উক্ত জে’লত থাকিব লগা দাগী অপৰাধীসকলে বিতর্কিত আৰক্ষী অধীক্ষকজনলৈ ভাবুকি কঢ়িয়াই আনিব বুলি তদন্তকাৰী বিষয়াৰ আগত জনায়৷

ইফালে জেৰাৰ সময়ত এছ আই পদৰ নিযুক্তি কেলেংকাৰিত কৰিমগঞ্জৰ অতিৰিক্ত আৰক্ষী অধীক্ষক (সীমান্ত) প্রশান্ত কুমাৰ দত্তও জড়িত বুলি ৰুবুল হাজৰিকা আৰু সৰোজ শর্মাই স্বীকাৰোক্তি দিছে৷ দুই দালালৰ এই স্বীকাৰোক্তিৰ ভিত্তিত প্রশান্ত কুমাৰ দত্ত শীঘ্রে চি আই ডিৰ তদন্তলৈ অহাৰ সম্ভাৱনা আছে৷ ইফালে এছ আই নিযুক্তি কেলেংকাৰিৰ ২১/২০২০ নম্বৰ গোচৰত ইতিমধ্যে গ্রেপ্তাৰ কৰা অভিযুক্তসকলক দোষ প্রমাণ কৰাৰ বাবে চি আই ডিয়ে প্রশান্ত কুমাৰ দত্তক গোচৰটোৰ ৰাজসাক্ষী কৰিবলৈ চিন্তা–চর্চা চলা বুলি আৰক্ষীৰ সূত্রটোত প্রকাশ৷ ইফালে সঞ্জীত কৃষ্ণই জেৰাত নাম লোৱা ‘ডাঙৰ মানুহ’ক তদন্তৰ আওতালৈ আনিব পাৰিব নে নাই, তাক লৈ প্রশ্ন উত্থাপন হৈছে৷ নে তদন্তত ইতিমধ্যে পোহৰলৈ অহা বহু তথ্য চি আই ডিয়ে ৰাজহুৱা কৰাৰ পৰা বিৰত থকাৰ দৰে তথাকথিত এই ডাঙৰ মানুহকেইজনক তদন্তৰ আওতালৈ অনাৰ পৰিৱর্তে তদন্ত প্রক্রিয়াৰ সামৰণি মাৰিব নেকি বুলিও প্রশ্ন উত্থাপন হৈছে৷

You might also like