ধন আত্মসাতৰ ফন্দি: ভুৱা বিধৱাৰ নাম অন্তর্ভুক্তিৰে অৰুণোদয় আঁচনিৰ হিতাধিকাৰিৰ তালিকা
নিয়মীয়া বাৰ্তা, ২০ অক্টোবৰঃ সৰুক্ষেত্রীৰ ১৭নং মধ্য সৰুক্ষেত্রী গাঁও পঞ্চায়তত অৰুণোদয় আঁচনিৰ হিতাধিকাৰী নির্বাচনত ব্যাপক খেলিমেলি হোৱাৰ অভিযোগ উত্থাপন হৈছে৷ পঞ্চায়তখনত প্রকৃত দুখীয়া বিধৱা মহিলা তথা আবিয়ৈ ছোৱালী বঞ্চিত হোৱাৰ বিপৰীতে বহু ভুৱা বিধৱা মহিলা, নাপাবলগীয়া লোকক তালিকাভুক্ত কৰাৰ অভিযোগ উত্থাপন হৈছে৷ পঞ্চায়তখনৰ সভানেত্রী দীপ্তি নাথেই এই অভিযোগ উত্থাপন কৰিছে৷ পঞ্চায়তখনত সভাপতি আৰু সদস্যই বাছনি কৰি দিয়া অধিকাংশ প্রার্থীৰ নাম কর্তন কৰাৰ অভিযোগ তুলি এই হিতাধিকাৰী নির্বাচনত ব্যাপক খেলিমেলি হোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰে৷ পঞ্চায়তৰ সভাপতি আৰু সদস্যই মিলি বাছনি কৰা তালিকা একাষৰীয়া কৰি অন্তর্ভুক্ত কৰিছে একাংশ ভুৱা বিধৱাৰ নাম৷ পঞ্চায়ত সচিব চত্রজিৎ চৌধুৰীৰ বিৰুদ্ধে উত্থাপন হৈছে অভিযোগ৷
স্থানীয় লোক তথা পঞ্চায়তখনৰ সভানেত্রী দীপ্তি নাথে জানিবলৈ দিয়া মতে, পঞ্চায়তখনৰ সচিব চত্রজিৎ চৌধুৰীয়ে মইমতালিৰে চলাইছে পঞ্চায়তখনৰ কাম–কাজ৷ গুৰু–গোসাঁই নমনা চত্রজিৎ চৌধুৰীৰ ছত্রছায়াত পঞ্চায়তখনৰ বিভিন্ন আঁচনিত ব্যাপক কেলেংকাৰি সংঘটিত হোৱাৰো অভিযোগ আছে৷ চৰকাৰী আৱাসৰ হিতাধিকাৰী নির্বাচন কৰাৰ ক্ষেত্রতো ব্যাপক অনিয়ম সংঘটিত হোৱাৰ অভিযোগ আছে৷ এতিয়া প্রকৃত প্রাপক বিধৱা মহিলা তথা দুখীয়া মহিলাক বঞ্চিত কৰি এইদৰে স্বজন–তোষণৰ আশ্রয় লৈ হিতাধিকাৰীৰ তালিকা প্রস্তুত কৰাত জাঙুৰ খাই উঠিছে পঞ্চায়তখনৰ সভানেত্রী দীপ্তি নাথ আৰু বঞ্চিত মহিলাসকল৷ ইয়াক লৈ পঞ্চায়ত কার্যালয়ৰ চৌহদত তীব্র উত্তেজনাৰ সৃষ্টি হোৱাৰ লগতে ক্ষুব্ধ মহিলাসকলে বিভিন্ন শ্লোগান দি উত্তাল কৰে পৰিৱেশ৷
ইপিনে, এই হিতাধিকাৰী নির্বাচন সম্পর্কে এক উচিত তদন্ত কৰাৰ দাবী উত্থাপন কৰাৰ লগতে ভুৱা বিধৱা মহিলাৰ নামেৰে প্রস্তুত কৰা এই তালিকা বাতিল কৰিবলৈ স্থানীয় মহিলাই দাবী উত্থাপন কৰে৷