নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৮৪ হাজাৰ হেক্টৰ ভূমিত ৫ ৰাজ্যৰ বেদখল

‘চুবুৰীয়া’ৰ আগ্রাসনত সংকুচিত অসমৰ ভূখণ্ড

নিয়মীয়া বাৰ্তা ২০ অক্টোবৰঃ  অসম সংলগ্ন আন্তঃৰাজ্যিক সীমান্তত ধাৰাবাহিকভাৱে অব্যাহত আছে ‘চুবুৰীয়া’ৰ দপদপনি৷ চৰকাৰ–প্রশাসনৰ নির্লিপ্ততাৰ সুযোগ লৈ প্রধানতঃ পাঁচখন ৰাজ্যৰ আগ্রাসনে অসমৰ ভূখণ্ড ক্রমশঃ সংকুচিত কৰি আনিছে৷ মানচিত্রতহে সীমা চিহ্ণিত হৈ থকাৰ বিপৰীতে সম্প্রতি অসমৰ মাটিকালিৰ বাস্তৱ চিত্রখন সম্পূর্ণ ওলোটা৷ প্রধানতঃ পাঁচখন চুবুৰীয়া ৰাজ্য ক্রমে অৰুণাচল প্রদেশ, নাগালেণ্ড, মেঘালয়, মিজোৰাম আৰু ত্রিপুৰাই হাজাৰ হাজাৰ হেক্টৰ মাটি নিজৰ দখললৈ নিছে৷ অসম চৰকাৰৰ সীমান্ত অঞ্চল উন্নয়ন বিভাগৰ এক সূত্রই দিয়া তথ্য অনুসৰি উল্লিখিত পাঁচখন চুবুৰীয়া ৰাজ্যই বেদখল কৰা মাটিৰ পৰিমাণ প্রায় ৮৪ হাজাৰ হেক্টৰ৷ অকল মাটি বেদখল কৰাই নহয়, সীমা বিবাদক কেন্দ্র কৰি বিগত সময়ছোৱাত সীমান্তত বহুবাৰ উত্তেজনাময় পৰিস্থিতি সৃষ্টি হৈছে৷ আগ্রাসনকাৰী দুর্বৃত্তই সীমান্তৱর্তী অঞ্চলত বসবাস কৰা অসমীয়া লোকসকলৰ ওপৰত নির্বিচাৰভাৱে আক্রমণ চলোৱাৰ উপৰি ঘৰ–দুৱাৰত অগ্ণিসংযোগ, কৃষিভূমি–চাহ বাগিচা, গছ–গছনি আদি কাটি তহিলং কৰা ঘটনাই প্রায়ে দখল কৰে সংবাদ মাধ্যমৰ শিৰোনাম৷ ইয়াৰ শেহতীয়া উদাহৰণ হ’ল কাছাৰ জিলাৰ মিজোৰাম সীমান্ত সংলগ্ণ লাইলাপুৰ৷

যোৱা শনিবাৰে নিশা মিজোৰাম চৰকাৰৰ পৃষ্ঠপোষকতাত মিজো দুর্বৃত্তৰ দলে লাইলাপুৰত বসবাস কৰা কেইবাটাও পৰিয়ালৰ বাসগৃহ আৰু দোকান ঘৰ পেট্র’ল বোমা নিক্ষেপ কৰি জ্বলাই দিয়াৰ লগতে অসমীয়া লোকৰ ওপৰত আক্রমণ চলাইছিল৷ বর্তমানেও লাইলাপুৰত উত্তেজনা শাম কটা নাই৷ অসমৰ ভূখণ্ডত আগ্রাসন সন্দর্ভত সূত্রটোৱে দিয়া বিস্তাৰিত তথ্য অনুসৰি নগালেণ্ডে সর্বাধিক ৫৯,৪৯০ হেক্টৰ মাটি বেদখল কৰিছে৷ ইয়াৰ ভিতৰত যোৰহাট জিলাৰ ১৮,৯০৮ হেক্টৰ শিৱসাগৰ জিলাৰ ৪,২৮৮ হেক্টৰ আৰু গোলাঘাট জিলা সংলগ্ন সীমান্তৱর্তী অঞ্চলৰ ৩৬,২৯৪ হেক্টৰ মাটি ইতিমধ্যে বেদখল কৰিছে চুবুৰীয়া ৰাজ্যখনে৷ সেইদৰে অৰুণাচল প্রদেশে অসমৰ ২১,৩৪৩.২৫ হেক্টৰ ভূমি বেদখল কৰিছে৷ অৰুণাচল প্রদেশে বেদখল কৰা এই ভূখণ্ড সাতখন জিলাৰ অন্তর্গত৷ চুবুৰীয়া ৰাজ্যখনে শোণিতপুৰ জিলাৰ ১১০ হেক্টৰ বিশ্বনাথ জিলাৰ ৪,৭৫৬ হেক্টৰ লখিমপুৰ জিলাৰ ২,৪৩৫.২৫ হেক্টৰ ধেমাজি জিলাৰ ৪,১১৯ হেক্টৰ তিনিচুকীয়া জিলাৰ ৯,২৬৯ হেক্টৰ ডিব্রুগড় জিলাৰ ২ হেক্টৰ আৰু চৰাইদেউ জিলাৰ ৬৫২ হেক্টৰ মাটি বেদখল কৰিছে৷ মেঘালয়েও দখল কৰি আছে অসমৰ বৃহৎ পৰিমাণৰ ভূখণ্ড৷ চুবুৰীয়া ৰাজ্যখনে বেদখল কৰা মাটিৰ পৰিমাণ ১,৫২৪.৪৬৯৯ হেক্টৰ৷ এই ভূমিভাগ গোৱালপাৰা, কাছাৰ, কামৰূপ, কামৰূপ (মহানগৰ), দক্ষিণ শালমাৰা–মানকাচৰ পশ্চিম কার্বি আংলং জিলাৰ অন্তর্গত সীমান্তৱর্তী এলেকাৰ৷ মিজোৰামে বেদখল কৰা মুঠ ১,৫৩৬ হেক্টৰ মাটিৰ ভিতৰত হাইলাকান্দি জিলাৰ ১,০০০ হেক্টৰ আৰু কৰিমগঞ্জ জিলাৰ ৫৩৬ হেক্টৰ৷ ইয়াৰ উপৰি শেহতীয়াকৈ বৰাক উপত্যকাৰ আন এখন জিলা কাছাৰতো সীমা বিবাদৰ উদ্ভৱ হৈছে৷ ইতিমধ্যে মিজোৰামে কাছাৰ জিলা সংলগ্ন সীমান্তত অসমৰ বহু মাটিত বেদখল কৰা বুলি অভিযোগ উঠিছে৷ ত্রিপুৰাই বেদখল কৰিছে কৰিমগঞ্জ জিলাৰ ২৫ হেক্টৰ মাটি৷ এই হিচাপত সামগ্রিকভাৱে উক্ত পাঁচখন চুবুৰীয়া ৰাজ্যই অসমৰ ৮৩,৯১৮.৭১৯৯ হেক্টৰ মাটি বেদখল কৰি আছে৷

উল্লেখ্য যে অসমৰ মাটিত চুবুৰীয়া ৰাজ্যৰ বেদখল তথা সীমা বিবাদ নতুন কথা নহয়৷ ই এক দীর্ঘদিনীয়া সমস্যা ৰূপে চিহ্ণিত হৈছে৷ কিন্তু বছৰৰ পাছত বছৰ ধৰি চুবুৰীয়া ৰাজ্যৰে সীমা বিবাদৰ কোনোধৰণৰ ফলপ্রসূ সমাধান নোহোৱাটো আশ্চর্যজনক ৰূপে চিহ্ণিত হৈছে৷ বিষয়টোক লৈ চৰকাৰ–প্রশাসনৰ অমনোযোগিতাৰ সুযোগ লৈ অধিক আগ্রাসী হৈ পৰিছে চুবুৰীয়া ৰাজ্যৰ বেদখলকাৰী লোকসকল৷ আনকি অসমৰ মাটিত এতিয়া বেদখলকাৰীয়ে গাঁও পাতি স্থাপন কৰিছে বিদ্যালয়, চিকিৎসালয়, আৰক্ষী চকী, গির্জা, শ্মশান আদি৷ এইক্ষেত্রত উদাহৰণস্বৰূপে অসম–নাগালেণ্ড সীমান্তৰ এ, বি আৰু চি ছেক্টৰৰ কথা উল্লেখ কৰিব পাৰি৷ সীমান্তৱর্তী এই অঞ্চলকেইটাত বসবাস কৰা অসমীয়া লোকসকলৰ ওপৰত নগা দুষৃকতিকাৰীয়ে বিগত সময়ছোৱাত নানা ধৰণে অত্যাচাৰ–উৎপীড়ন চলোৱাৰ উপৰি হাতত উদ্যত মাৰণাস্ত্র লৈ ধন দাবী কৰাৰ অভিযোগ উত্থাপন হৈ আহিছে৷ অভিযোগ মতে, এইক্ষেত্রত নিৰপেক্ষ বাহিনী হিচাপে নিয়োজিত হৈ থকা চি আৰ পি এফেও নীৰৱ দর্শকৰ ভূমিকা পালন কৰে৷ তদুপৰি বি ছেক্টৰৰ ডিমৰুজান নামৰ অসমীয়া গাঁওখনৰ নাম সলাই নাগালেণ্ডে ‘ঔছেন ভিলেজ’ হিচাপে নামকৰণ কৰিছিল৷ অকল সেয়াই নহয়, তাতেই নির্মাণ কৰা হৈছিল এটা সামূহিক ভৱনো৷ নাগালেণ্ড সীমান্ত সংলগ্ণ অসমৰ তিনিখন জিলা যোৰহাট, শিৱসাগৰ আৰু গোলাঘাটৰ সীমান্তৱর্তী এলেকাত এনেধৰণৰ বিভিন্ন ঘটনা সংঘটিত হৈ আহিছে৷ সেইদৰে কামৰূপ জিলাৰ বকোৰ লাম্পীক লৈ দীর্ঘদিন ধৰি মেঘালয়ৰে বিবাদ অব্যাহত আছে৷ আন কথা বাদেই, তৰুণ গগৈয়ে মুখ্যমন্ত্রী হৈ থকাৰ সময়ত চৰকাৰী বাসভৱন হিচাপে ব্যৱহাৰ কৰা ৰাজ্য চৰকাৰৰ ১নং অতিথিশালা থকা কইনাধৰাও মেঘালয়ে নিজৰ মানচিত্রৰ অধীনস্থ বুলি দাবী কৰি আহিছে৷ একেদৰে ৰাজধানী মহানগৰ গুৱাহাটীৰ সমীপৱর্তী পিলিংকটা অঞ্চলৰ বহু পৰিমাণৰ মাটি মেঘালয়ে নিজৰ অধীনলৈ নিয়া বুলি অভিযোগ আছে৷ মন কৰিবলগীয়া যে চুবুৰীয়া ৰাজ্যৰে সীমা বিবাদ সমাধানৰ বিষয়টো বর্তমান পর্যন্ত বিভিন্ন পর্যায়ত অনুষ্ঠিত আলোচনাতে সীমাবদ্ধ আছে৷ অৰুণাচল প্রদেশ আৰু নাগালেণ্ডৰ আগ্রাসনৰ বিৰুদ্ধে অসম চৰকাৰে উচ্চতম ন্যায়ালয়ত ক্রমে অ’ এছ ১/১৯৮৯ আৰু অ’ এছ ১৯৮৮ নম্বৰৰ দুটা গোচৰ তৰিছিল৷ কিন্তু দীর্ঘ তিনিটা দশক অতিক্রম কৰাৰ পাছতো এই গোচৰ দুটাৰ কোনোধৰণৰ নিষ্পত্তি হোৱা নাই৷ উচ্চতম ন্যায়ালয়ত গোচৰ দুটাৰ সাক্ষী পৰীক্ষণৰ পর্যায়তে বিচাৰ প্রক্রিয়া চলি আছে৷ চৰকাৰী তথ্য অনুসৰি আন্তঃৰাজ্যিক সীমান্ত এলেকাৰ জিলাসমূহৰ সুৰক্ষাৰ বাবে ইতিপূর্বে ৮২টা সীমান্ত চকী আৰু ১২টা স্থায়ী ছাউনীত অসম আৰক্ষীৰ ২১টা কোম্পানী–দুই প্লাটুন নিৰাপত্তাৰক্ষী নিয়োজিত হৈ আছিল৷ তদুপৰি নতুনকৈ আবণ্টিত ৯টা সীমান্ত চকীত অসম আৰক্ষীৰ দুটা কোম্পানী–দুটা প্লাটুন–দুই ছেকচন নিৰাপত্তাৰক্ষী নিয়োজিত কৰা হৈছে৷ কিন্তু ইয়াৰ পাছতো সীমান্তবাসী অসমীয়া লোকসকলৰ সুৰক্ষা নিশ্চিত নোহোৱাটোহে বিবেচিত হৈছে তাৎপর্যপূর্ণ বিষয় ৰূপে৷

You might also like