নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এছপি সঞ্জীত কৃষ্ণই ৪০ লাখ জমা থোৱা নাৰীৰ সন্ধানত চিআইডিৰ অভিযান

ওলোৱা নাই ৪০ লাখ, ৰহস্যময়ীৰ সন্ধান

নিয়মীয়া বাৰ্তা ২০ অক্টোবৰঃ  অসম আৰক্ষীৰ উপ–পৰিদর্শক (এছ আই) পদৰ পৰীক্ষাৰ প্রশ্নকাকত ফাদিলৰ মূল অভিযুক্ত কৰিমগঞ্জৰ তদানীন্তন আৰক্ষী অধীক্ষক কুমাৰ সঞ্জীত কৃষ্ণই ৪০ লাখ টকা জমা থোৱা ৰহস্যময়ী নাৰীগৰাকীৰ সন্ধানত অভিযান অব্যাহত ৰাখিছে চি আই ডিয়ে৷ ৰহস্যময়ী মহিলাগৰাকীৰ সন্ধানত চি আই ডিৰ এটা দলে সোমবাৰে লগত মহিলা আৰক্ষী লৈ গুৱাহাটীৰ গীতানগৰ অঞ্চলত অভিযান চলায়৷ অৱশ্যে এই অভিযানকালত দলটোৱে মহিলাগৰাকীৰ কোনো শুংসূত্র উলিয়াব নোৱাৰিলে৷ আৰক্ষীৰ এক সূত্রই জনোৱা মতে, সোমবাৰে পুৱাৰ ভাগতে চি আই ডিৰ দলটোৱে চোৰাংচোৱাৰ তথ্যৰ ভিত্তিত গীতানগৰ অঞ্চলত ৰহস্যময়ী নাৰীগৰাকীৰ সন্ধানত নামি পৰে৷ ইফালে, সোমবাৰে চোৰাংচোৱাই দিয়া তথ্যৰ ভিত্তিত কুমাৰ সঞ্জীত কৃষ্ণই ৪০ লাখ টকা জমা থোৱাৰ সন্দেহত এগৰাকী মহিলাক চি আই ডিৰ কার্যালয়লৈ আটক কৰি আনি সোধা–পোছা কৰে৷ অৱশ্যে চি আই ডিয়ে জেৰাত কুমাৰ সঞ্জীত কৃষ্ণৰ সৈতে এই মহিলাগৰাকীৰ কোনো যোগসূত্র থকাৰ তথ্য নাপালে৷ ফলত সন্দেহবশতঃ ভুলক্রমে আটক কৰি অনা মহিলাগৰাকীক চি আই ডিৰ কার্যালয়ৰ পৰা যাবলৈ দিয়া হয়৷

উল্লেখ্য যে এছ এছ পদৰ প্রশ্নকাকত যোগান ধৰাৰ বাবদ মেছার্ছ অক্ষয় টেলিকমিউনিকেচন প্রাইভেট লিমিটেডৰ অন্যতম অংশীদাৰ তথা দালাল ৰুবুল হাজৰিকাই কৰিমগঞ্জৰ তদানীন্তন আৰক্ষী অধীক্ষক কুমাৰ সঞ্জীত কৃষ্ণক ৪০ লাখ টকা দিয়া বুলি চি আই ডিৰ জেৰাত বিস্ফোৰক স্বীকাৰোক্তি দিছিল৷ উল্লেখ্য যে যোৱা ১৫ অক্টোবৰত চি আই ডিৰ ওচৰত আত্মসমর্পণ কৰাৰ এদিন পূর্বে সঞ্জীত কৃষ্ণই কোনো অজ্ঞাত স্থানত আত্মগোপন কৰি আছিল৷ চি আই ডিৰ তদন্তকাৰী বিষয়াই কার্যালয়লৈ মতাৰ বাবে সেই দিনা কুমাৰ সঞ্জীত কৃষ্ণৰ ম’বাইল ফোনত যোগাযোগ কৰিছিল যদিও আৰক্ষী অধীক্ষকজনৰ ফোনৰ ছুইছ অফ পাইছিল৷ ১৪ অক্টোবৰত আত্মগোপন কৰি থকাৰ দিনাই দালাল ৰুবুল হাজৰিকাৰ পৰা লোৱা ৪০ লাখ টকা নিৰাপদ স্থানত লুকুৱাই থোৱা বুলি চি আই ডিয়ে সন্দেহ কৰিছে৷ ইফালে, উক্ত দিনা সঞ্জীত কৃষ্ণই তিনি ঘনিষ্ঠ বন্ধুক লগত লৈ এগৰাকী ৰহস্যময়ী নাৰীক লগ ধৰাৰ তথ্য আৰক্ষীৰ চোৰাংচোৱাই লাভ কৰে৷ চোৰাংচোৱাৰ তথ্যৰ ভিত্তিত আৰক্ষী অধীক্ষকজনে ৪০ লাখ টকা লুকুৱাই থোৱা মহিলাগৰাকীৰ সন্ধানত অভিযান অব্যাহত ৰাখিছে৷ কিন্তু অভিযানকাৰী দলটোৱে উক্ত মহিলাগৰাকীৰ লগতে জমা থোৱা ধনৰ সন্ধান উলিয়াবলৈ সক্ষম হোৱা নাই৷ ইফালে এছ আই পদৰ নিযুক্তি কেলেংকাৰিত নাম সাঙোৰ খাই পৰা কৰিমগঞ্জৰ অতিৰিক্ত আৰক্ষী অধীক্ষক (সীমান্ত) প্রশান্ত কুমাৰ দত্ত এইপর্যন্ত তদন্তৰ আওতালৈ নহাত চি আই ডিৰ ভূমিকাক লৈ প্রশ্ণ উত্থাপন হৈছে৷ ইয়াৰ মাজতে চি আই ডিৰ এটা দলে সোমবাৰে কৰিমগঞ্জলৈ ৰাওনা হৈছে বুলি জানিব পৰা গৈছে৷ চি আই ডিৰ দলটোৱে ৪০ লাখ টকাৰ সন্ধানত নে প্রশান্ত কুমাৰ দত্তক সোধা–পোছা কৰাৰ বাবে ৰাওনা হৈছে, সেয়া জানিব পৰা হোৱা নাই৷ ইফালে, কৰিমগঞ্জৰ তদানীন্তন আৰক্ষী অধীক্ষক কুমাৰ সঞ্জীত কৃষ্ণক গ্রেপ্তাৰৰ পাঁচ দিনৰ পাছতো চাকৰিৰ পৰা নিলম্বন নকৰাক লৈ ৰহস্য সৃষ্টি হৈছে৷

You might also like