নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এখন ৰহস্যময় চহৰ! য’ত মৃত্যু বা জন্ম দিয়াৰ অনুমতি নাই কোনো লোকৰ; কিন্তু কিয়?

নিয়মীয়া বাৰ্তা, ২০ অক্টোবৰঃ পৃথিৱীৰ এনে এখন গাঁও আছে, য’ত মৃত্যু হোৱাৰ অনুমতি নাই কোনো লোকৰ। কিয়নো এই গাঁৱখনত মৃতলোকসকলক কবৰ দিও কোনো লাভালাভ নাই ৷ বছৰৰ পাচত বছৰ পাৰ হৈ গলেও কবৰৰ ভিতৰত একে অৱস্থাতে থাকি যায় মৃত লোকৰ শৰীৰসমূহ ৷

এই বিশেষ গাঁওখন আছে নৰৱেত। নৰৱেৰ স্ভেলবাৰ্ড দ্বীপৰ লায়েৰিং চহৰত মৃত্যু নিষেধ ৷

উল্লেখ্য যে নৰৱেত শীত প্ৰকোপ অতি বেছি ৷ যাৰবাবে তাত মানুহ নালাগে শিলো বৰফ হৈ যায় ৷

প্ৰায় ১৫০০ লোকৰ বসতিস্থল লায়েৰিং চহৰত আছে এটাই মাত্ৰ কবৰস্থান ৷ কিন্তু তাতো হাড় কঁপোৱা জাৰৰ বাবেই কেইবাবছৰ পূৰ্বেই ধৰি কবৰস্থান কৰ্তৃপক্ষই শৱদেহ সৎকাৰ কৰা বন্ধ কৰিছিল। কিয়নো জাৰৰ বাবে কবৰ দিয়াৰ পাচতো মাটিৰ তলত একে অৱস্থাতে ৰৈ যায় মৃতদেহ ৷ মাটিৰ সৈতেও মিলি নাযায় ৷ এনে অৱস্থাৰ বাবেই চহৰখনৰ বাসিন্দা সকলৰ অধিকাৰ নাই চহৰখনত মৃত্যু হোৱাৰ ৷ যাৰ বাবে বাধ্য হৈ গোটেই জীৱন সেই স্থানত কটাইয়ো বৃদ্ধ বয়সত জীৱনৰ শেষ নিশ্বস ত্যাগ কৰিবলৈ তেওঁলোক যাবলগীয়া হয় আন প্ৰান্তলৈ ৷

 যদি কনো লোক হঠাতে ঢুকায় তেন্তে কি কৰে ?

তেনে হ’লে মৃতদেহ জাহাজত উঠাই নি অন্য কোনো ঠাইত পঠিয়াই দিয়া হয় ৷ এই চহৰখনত আন কোনো প্ৰক্ৰিয়াৰে সৎকাৰ কৰিব পৰা যায় নেকি সেই সন্দৰ্ভত বৰ্তমানো বিজ্ঞানীসকলৰ মাজত চৰ্চাৰ বিষয় হৈ পৰিছে ৷

You might also like