ষষ্ঠীৰ দিনা মুকলি হ’ব গণেশগুৰি উৰণীয়া সেতু
নিয়মীয়া বার্তা, ২১ অক্টোবৰঃ শাৰদীয় দুর্গাপূজাৰ ষষ্ঠীৰ দিনাই মুকলি হ’ব গণেশগুৰি উৰণীয়া সেতু৷ ইতিমধ্যে যুদ্ধকালীন প্রস্তুতিৰে অন্তিম কামত ব্যস্ত হৈ পৰিছে শ্রমিকসকল৷ উৰণীয়া সেতুখনৰ প্রথমৰ পৰা শেষলৈকে উদ্ভাসিত হৈছে অসমৰ বাৰেৰহণীয়া কৃষ্টি–সংস্কৃতি৷ উল্লেখ্য যে অত্যাধুনিক ষ্টীল গার্ডাৰ প্রযুক্তি ব্যৱহাৰ কৰা হৈছে উৰণীয়া সেতুখনত৷
৩৯৮.৫ মিটাৰ দৈর্ঘ্যৰ সেতুখনত ২৭ মিটাৰ দৈর্ঘ্যৰ আন এটা উইং নির্মাণ কৰি সংযোগ কৰা হৈছে পূর্বৰ উৰণীয়া সেতুখনত৷ সর্বমুঠ ৮৮.৭৪ কোটি টকা ব্যয়েৰে নির্মাণ কৰা হৈছে উৰণীয়া সেতুখন৷ বিগত বর্ষৰ ৬ মার্চত আৰম্ভ কৰা সেতুখন নির্ধাৰিত সময়ৰ পূর্বে নির্মাণ সম্পূর্ণ কৰি তোলা হৈছে৷
ইফালে আটকধুনীয়াকৈ নির্মাণ কৰা সেতুখন কদর্য নকৰিবলৈ আহ্বান জনাইছে সচেতন মহানগৰবাসীয়ে৷ সেতুখন মুকলি হ’লেই দীর্ঘদিনীয়া যান–জঁটৰ সমস্যা দূৰ হ’ব গণেশগুৰি অঞ্চলত৷