নিয়মীয়া বাৰ্তা, ২৩ অক্টোবৰঃ আগন্তুক ২৮ অক্টোবৰৰ পৰা তিনিটা পর্যায়ত অনুষ্ঠিত হ’বলগীয়া বিহাৰ বিধানসভা নির্বাচনৰ বাবে বিজেপিয়ে আনুষ্ঠানিকভাৱে মুকলি কৰিছে ইস্তাহাৰ৷ দলটোৰ এই নির্বাচনী ইস্তাহাৰ ‘সংকল্প পত্র’ মুকলি কৰে কেন্দ্রীয় বিত্তমন্ত্রী নির্মলা সীতাৰমণে৷ এই সংকল্প পত্রত ‘আত্মনির্ভৰ বিহাৰ’ৰ শ্লোগান দিছে দলটোৱে৷ সংকল্প পত্রত ১৯ লাখ যুৱক–যুৱতীক শীঘ্রেই নিযুক্তি দিয়াৰ প্রতিশ্রুতি দিছে দলটোৱে৷ ইয়াৰ উপৰি আইচিএমআৰে এবাৰ ক’ভিড ভেকচিনক অনুমোদন জনালেই বিহাৰৰ সকলো লোককে এই ভেকচিন বিনামূলীয়াকৈ যোগান ধৰিব বুলিও দলটোৱে সংকল্প পত্রত উল্লেখ কৰিছে৷
উন্নয়নৰ সকলো দুৱাৰ মুকলি কৰাৰ প্রতিশ্রুতি দিয়া বিজেপিয়ে বিহাৰৰ জনসাধাৰণক ভৱিষ্যতে আত্মনির্ভৰ কৰি তোলাৰো আশ্বাস দিছে৷ ইফালে, ক’ভিড–১৯ৰ ভেকচিন কেৱল বিহাৰৰ জনসাধাৰণক বিনামূলীয়াকৈ যোগান ধৰাৰ প্রতিশ্রুতি দিয়াৰ লগে লগে বিজেপিক ক্ষুৰধাৰ সমালোচনা কৰিছে বিৰোধী দলসমূহে৷ বিজেপিয়ে ক’ভিড ভেকচিনৰ বিষয়টোক বিহাৰৰ ৰাজনৈতিক এজেণ্ডা হিচাপে ব্যৱহাৰ কৰা বুলি কেইবাগৰাকীও কংগ্রেছ নেতাই দলটোক কটাক্ষ কৰিছে৷
কংগ্রেছ নেতা ৰাহুল গান্ধীয়ে বিজেপিৰ এই প্রতিশ্রুতিৰ পিছতে ক’ভিড ভেকচিনৰ পৰীক্ষা কোনটো পর্যায়ত আছে তাক লৈ প্রশ্ণৰ অৱতাৰণা কৰিছে৷ ইফালে, কংগ্রেছ সাংসদ শশী থাৰুৰেও নির্মলা সীতাৰমণৰ প্রতিশ্রুতিক লৈ কটাক্ষ কৰিছে৷ একে সময়তে দিল্লীৰ মুখ্যমন্ত্রী অৰবিন্দ কেজৰিৱালে বিজেপিৰ শাসন নথকা ৰাজ্যসমূহে বিনামূলীয়াকৈ ক’ভিড ভেকচিন লাভ নকৰিব নেকি, সেই প্রশ্ণ বিজেপিৰ বিৰুদ্ধে উত্থাপন কৰিছে৷