নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্রতিবাদত অংশ ল’ব নোৱাৰিব শিক্ষার্থীয়ে

নিয়মীয়া বাৰ্তা,৭ ডিচেম্বৰঃ বিভিন্ন সংগঠনে ৰাজ্যত অব্যাহত ৰখা কোনো প্রতিবাদী কার্যসূচীতেই চৰকাৰী বিদ্যালয়ৰ শিক্ষার্থীয়ে অংশগ্রহণ কৰিব নোৱাৰিব ৷ শুকুৰবাৰে সকলো চৰকাৰী বিদ্যালয়লৈ এই কঠোৰ নির্দেশনা জাৰি কৰিছে ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগে ৷ জাননীখনত কোৱা হৈছে যে যদিহে কোনো চৰকাৰী বিদ্যালয়ৰ ছাত্র–ছাত্রীয়ে বিদ্যালয়ৰ ইউনিফর্মত প্রতিবাদী কার্যসূচীত অংশ লয়, তেনেহ’লে বিদ্যালয়খনৰ প্রধান শিক্ষক বা অধ্যক্ষৰ বিৰুদ্ধে কঠোৰ শাস্তিমূলক ব্যৱস্থা গ্রহণ কৰা হ’ব ৷ মূলতঃ নাগৰিকত্ব সংশোধনী বিধেয়কবিৰোধী আন্দোলনৰ পৰিপ্রেক্ষিততে শিক্ষা বিভাগে এই নির্দেশ দিছে ৷

You might also like