নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ইটাৰে মৰিয়াই নৃশংস হত্যাঃ অভিযুক্তক গ্রেপ্তাৰ

নিয়মীয়া বাৰ্তা ৩১ অক্টোবৰঃ লালগণেশত কালি নিশা সংঘটিত হয় এক চাঞ্চল্যকৰ হত্যাকাণ্ড৷ লালগণেশৰ ৰুলিং মিল নিৱাসী কানু কিন্নৰ (৫৫) নামৰ লোকজনক ইটাৰে মৰিয়াই মৰিয়াই সুমন দাস নামৰ এজন লোকে নৃশংসভাৱে হত্যা কৰে৷ আজি পুৱা ৰুলিং মিলৰ এখন দোকানৰ সমীপত কানু কিন্নৰক মৃত অৱস্থাত প্রত্যক্ষ কৰি স্থানীয় ৰাইজে আৰক্ষীক খবৰ দিয়ে৷ ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ কানু কিন্নৰৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে জিএমচিএইচলৈ প্রেৰণ কৰে৷ কানুৰ পৰিয়ালৰ লোকে সুমন দাসে হত্যা কৰা বুলি অভিযোগ তুলি ফটাশিল আমবাৰী থানাত এজাহাৰ দাখিল কৰে৷ উক্ত এজাহাৰৰ ভিত্তিত ফটাশিল আমবাৰী থানাত ভাৰতীয় দণ্ডবিধিৰ ৩০২ ধাৰাৰ অধীনত ৪৬১/২০২০ নম্বৰত এটা গোচৰ ৰুজু কৰি ওদালবাক্রাৰ পৰা অভিযুক্ত সুমন দাসক আৰক্ষীয়ে গ্রেপ্তাৰ কৰে৷ আৰক্ষীৰ জেৰাত সুমন দাসে ইটাৰে মৰিয়াই হত্যা কৰাৰ কথা স্বীকাৰ কৰিছে৷

You might also like