নিয়মীয়া বাৰ্তা ২ নৱম্বেৰঃ ক’ভিডকালত বিশ্বৰ বিভিন্ন দেশৰ লগতে ভাৰতৰ অর্থনীতিলৈও নামি আহিছে বিপর্যয়৷ দেশৰ মুঠ আভ্যন্তৰীণ উৎপাদন এই সময়ছোৱাত যথেষ্ট হ্রাস পাইছে৷ অভাৱনীয়ভাৱে বিভিন্ন কাৰখানা–উদ্যোগলৈ নামি আহিছে সংকট৷ লাখ লাখ লোকে হেৰুৱাবলগীয়া হৈছে কর্মসংস্থান৷ এনে বিপর্যয়ৰ বাবে চৰকাৰৰ ৰাজহ সংগ্রহৰ ক্ষেত্রতো সৃষ্টি হৈছে সমস্যা৷ কিন্তু ক’ভিডকালীন সংকটৰ মাজতে অক্টোবৰ মাহত চৰকাৰৰ পণ্য আৰু সেৱা কৰ (জি এছ টি) সংগ্রহ হৈছে ১.০৫ লাখ কোটি টকা৷ এই জি এছ টি সংগ্রহে দেশৰ অর্থনীতিলৈ কিঞ্চিত হ’লেও কঢ়িয়াই আনিছে আশা৷ দেশৰ অর্থনীতি পুনৰ উজ্জীৱিত হোৱাৰ এক আশাৰ সঞ্চাৰ দেখুৱাইছে জি এছ টি সংগ্রহ বৃদ্ধিয়ে৷ স্মর্তব্য যে বিগত বর্ষটোৰ অক্টোবৰ মাহতকৈ ১০ শতাংশ বেছি জি এছ টি সংগ্রহ হৈছে চলিত বর্ষৰ অক্টোবৰ মাহত৷ কেন্দ্রীয় আৰু ৰাজ্য চৰকাৰসমূহে চলিত বর্ষৰ অক্টোবৰ মাহত ক্রমে ৪৪,২৮৫ কোটি আৰু ৪৪,৮৩৯ কোটি টকা জি এছ টি সংগ্রহ কৰিছে৷ অর্থাৎ কেন্দ্রীয় চৰকাৰৰ সংগৃহীত জি এছ টিতকৈ ৰাজ্য চৰকাৰসমূহৰ দ্বাৰা সংগৃহীত জি এছ টিৰ পৰিমাণ বেছি৷ চলিত বর্ষৰ ফেব্রুৱাৰী মাহৰ পাছত প্রথমবাৰলৈ জি এছ টি সংগ্রহ হৈছে ১ লাখ কোটি টকাতকৈ অধিক৷ আজি বিত্ত মন্ত্রালয়ৰ এক বিবৃতিত সদৰী কৰা হৈছে এই তথ্য৷ স্মর্তব্য যে ক’ভিড–১৯ মহামাৰী দেশজুৰি বিয়পি পৰাৰ লগে লগে জি এছ টি সংগ্রহৰ ক্ষেত্রত আহি পৰিছিল প্রত্যাহ্বান৷ কেন্দ্র আৰু ৰাজ্যসমূহে সংগ্রহ কৰা ৪৪,২৮৫ কোটি আৰু ৪৪,৮৩৯ কোটি টকা জি এছ টিৰ উপৰি ইয়াৰ ওপৰত আমদানি সামগ্রীৰ অতিৰিক্ত কৰ হিচাপে আছে ১১ হাজাৰ কোটিতকৈ অধিক টকা৷ লক্ষণীয়ভাৱে কেন্দ্রীয় বিত্ত মন্ত্রালয়ে জি এছ টি সংগ্রহৰ ক্ষেত্রত অভাৱনীয় সফলতা লাভ কৰিবলৈ সক্ষম হোৱা বুলি দাবী কৰিছে৷ জি এছ টি সংগ্রহৰ এই প্রক্রিয়া অব্যাহত থাকিলে দেশৰ অর্থনীতিলৈ যি বিপর্যয় নামি আহিছে, তাৰ পৰা পৰিত্রাণৰ সম্ভাৱনা প্রকট হৈ পৰিব বুলি আশা প্রকাশ কৰিছে বিত্ত মন্ত্রালয়ে৷