নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মাণিকপুৰত দলীয় সভা আধাতে এৰি দৌৰি দৌৰি পলাল মন্ত্রী ফণীভূষণ চৌধুৰী

ৰাষ্ট্রীয় ঘাইপথ অৱৰোধ কৰি উত্তাল প্রতিবাদ চাৰি সংগঠনৰ

বিশেষ বার্তা, ৮ ডিচেম্বৰঃ বঙাইগাঁও জিলাৰ মাণিকপুৰত কেববিৰোধী সংগঠনৰ ক’লা পতাকা প্রদর্শনৰ উমান পাই দলীয় সভা আধাতে এৰি শনিবাৰে পলাবলগীয়া হ’ল মন্ত্রী ফণীভূষণ চৌধুৰী ৷ অগপৰ মাণিকপুৰ আঞ্চলিক সমিতিৰ অধিৱেশন উপলক্ষে মাণিকপুৰ বজাৰ গৃহত আয়োজিত দলীয় সভাত উপস্থিত হৈছিল মন্ত্রী চৌধুৰী ৷ এই খবৰ লাভ কৰি স্থানীয় কৃষক মুক্তি সংগ্রাম সমিতি, আছু, গৰিয়া–মৰিয়া দেশী জাতীয় পৰিষদ, অসম জাতীয়তাবাদী যুৱ–ছাত্র পৰিষদৰ সদস্যসকলে ৰাজপথত অৱস্থান গ্রহণ কৰি ক’লা পতাকা প্রদর্শনৰ বাবে সাজু হয় ৷ এই বিষয়ে মন্ত্রী চৌধুৰীয়ে অৱগত হৈ লৰালৰিকৈ চমু ভাষণ সামৰি কম সময়ৰ ভিতৰত সভাথলী ত্যাগ কৰে ৷ মন্ত্রীজনে সংগঠনৰ প্রতিবাদৰ সন্মুখীন হোৱাৰ ভয়ত মূল পথৰে নগৈ স্থানীয় লক্ষ্মী মন্দিৰৰ পিছফালেদি গৈ জংঘলৰ মাজেৰে থকা বাটেৰে ৩১নং ৰাষ্ট্রীয় ঘাইপথত নিজ বাহনত উঠি প্রস্থান কৰে৷ মন্ত্রীজনে পিছফালেদি যোৱাৰ পিছতহে প্রতিবাদকাৰীসকলে এই কথা অৱগত হয় ৷ অৱশ্য সাংবাদিকৰ দলে মন্ত্রীজনৰ সাক্ষাৎ গ্রহণৰ চেষ্টা কৰে যদিও তেওঁ দৌৰাদৌৰিকৈ গুচি যায় ৷ ইয়াৰ পিছতে ক্ষুব্ধ প্রতিবাদকাৰীসকলে মাণিকপুৰ থানাৰ সন্মুখতে ৩১নং ৰাষ্ট্রীয় ঘাইপথ অৱৰোধ কৰি প্রতিবাদ সাব্যস্ত কৰে ৷ প্রতিবাদকাৰীসকলে ৰাজপথৰ ওপৰত ‘মন্ত্রী ফণীভূষণ চৌধুৰী মুর্দাবাদ’, ‘অগপ হায় হায়’, ‘জাতিধবংসী বিধেয়ক বাতিল কৰক’, ‘বিজেপি হায় হায়’ আদি শ্লোগানেৰে উত্তাল পৰিৱেশৰ সৃষ্টি কৰে৷ ক্ষুব্ধ প্রতিবাদকাৰীসকলে কয় যে জাতিধ্বংসী নাগৰিকত্ব (সংশোধনী) বিধেয়কখন কোনো কাৰণতে অসমবাসীয়ে মানি নলয়৷ ঐতিহাসিক অসম আন্দোলনত ৮৫৫গৰাকী শ্বহীদৰ বলিদানৰ পিছত জন্মলাভ কৰা অসম গণ পৰিষদে কেবৰ সমর্থন কৰি চৰম প্রতাৰণা কৰিছে৷ দলৰ মন্ত্রী–বিধায়কে এতিয়া ৰাইজৰ ক্ষোভৰ সন্মুখীন হোৱাৰ ভয়ত পলাই ফুৰিবলগীয়া হৈছে৷ মন্ত্রী ফণীভূষণ চৌধুৰীয়ে দলীয় সভা আধাতে এৰি পিছদুৱাৰেদি পলায়ন কৰাটো দুর্ভাগ্যজনক ৷

You might also like