পঞ্জাবক ‘দেশবিৰোধী’ আখ্যা দিয়া লোকলৈ সতর্কবাণী অমৰিন্দৰৰ
নিয়মীয়া বাৰ্তা ৫ নৱেম্বৰঃ কেন্দ্রীয় চৰকাৰৰ বিতর্কিত কৃষি আইনৰ বিৰুদ্ধে বুধবাৰে পঞ্জাবৰ সাংসদসকলে দিল্লীৰ যন্তৰ–মন্তৰত গ্রহণ কৰা প্রতিবাদী কার্যসূচীত ৰাজ্যৰখনৰ মুখ্যমন্ত্রী কেপ্টেইন অমৰিন্দৰ সিঙে উল্লেখ কৰে যে পঞ্জাবে কেতিয়াও দেশৰ শান্তি বিঘ্ণিত কৰাৰ চেষ্টা চলোৱা নাই৷ দেশৰ শান্তি আৰু সুৰক্ষা নিশ্চিত কৰাৰ বাবেহে সদায় পঞ্জাব সাজু হৈ আছে বুলিও মন্তব্য কৰে সিঙে৷ বিভিন্ন সময়ত দেশৰ বাবে পঞ্জাবৰ জনসাধাৰণে তেজ নিগৰাইছে বুলি উল্লেখ কৰি যিসকলে পঞ্জাবক ভাৰতবিৰোধী আখ্যা দিছে, তেওঁলোকলৈ সতর্কবাণীও কৰে মুখ্যমন্ত্রীগৰাকীয়ে৷ হাজাৰ হাজাৰ পঞ্জাবী সৈনিকে সীমান্তত চীন আৰু পাকিস্তানৰ আগ্রাসনৰ পৰা দেশক ৰক্ষা কৰিবলৈ সাজু হৈ থকা সময়ত পঞ্জাবক ভাৰতবিৰোধী আখ্যা দিলে সেয়া হ’ব গৰিহণাৰযোগ্য বুলিও উল্লেখ কৰে সিঙে৷