নাৰীয়ে অজ্ঞাতে পুৰুষক কেনেকৈ উত্তেজিত কৰে জানানে?
নিয়মীয়া বাৰ্তা ৫ নৱেম্বৰঃ নাৰীৰ সুন্দৰতা তথা বয়সক লৈ ভিন্ন সময়ত বিভিন্ন কবিয়ে কবিতাৰ মাধ্যমেৰে প্ৰকাশ কৰি আহিছে। কবিয়ে বিভিন্ন শব্দৰে নাৰীৰ সৌন্দৰ্যক বুজাবলৈ চেষ্টা কৰি আহিছে। কিন্তু শব্দৰ মাধ্যমেৰে সকলো ভাৱনাক ব্যাখা কৰিব পৰা নাযায়। বিশেষকৈ ভালপোৱাৰ অনুভূতিক। নাৰীৰ সৌন্দৰ্যত এনে কিছু বিষয় আছে যাক নাৰীৰ অজ্ঞাতে কেৱল বুজি পায় পুৰুষে। নাৰীৰ এনে কিছু নান্দনিক শৈলী আছে যিয়ে আকৰ্ষণ কৰে পুৰুষক। অকল আকৰ্ষণেই নহয় এক অচিন উত্তেজনাই চানি ধৰে পুৰুষ মনক।
চুলিঃ পুৰুষৰ লগত কথা পতাৰ সময়ত নাৰীয়ে নিজৰ চুলিৰ লগত আঙুলি বুলোৱাৰ এটা অভ্যাস আছে। নাৰীৰ এই অভ্যাসে পুৰুষক চুম্বকৰ দৰে আকৰ্ষণ কৰে। বিশেষজ্ঞৰ মতে পুৰুষে নাৰীৰ সুন্দৰ চুলি দেখি মোহিত হয়। বহু প্ৰেমিকে প্ৰেমিকাৰ চুলিৰ সৈতে খেলাটোও পছন্দ কৰে।
ওঁঠ কামোৰাঃ বহু নাৰীয়ে নিজৰ ওঁঠ কামোৰে। এনে কৰি নাৰী লজ্জিত হোৱাও দেখা যায়। কিন্তু পুৰুষে নাৰীৰ এই অভ্যাসক বহু ভাল পায়। পুৰুষৰ সকলো ধ্যান প্ৰেমিকাৰ ওঁঠতে থাকে । ওঁঠ পুৰুষ-নাৰীৰ ভালপোৱাৰ এক এৰাব নোৱাৰা মাধ্যম।
অনাবিল হাঁহিঃ হাঁহি নাৰীৰ এক ডাঙৰ অস্ত্ৰ। এটা হাঁহিৰে গোটেই জগত মুহিব পাৰে। কবি তথা গায়কে নাৰীৰ হাঁহিটোক লৈ কবিতা- গীত ৰচি আহিছে। যিকোনো পৰিস্থিতিত যদি প্ৰেমিকাই এটা হাঁহি মাৰি দিয়ে তেতিয়া প্ৰেমিকৰ সকলো অৱসাদ দূৰ হৈ যায়।
আত্মবিশ্বাসঃ যদি নাৰীৰ মনত যদি সম্পূৰ্ণ আত্মবিশ্বাস থাকে তেতিয়া তেওঁ সম্পূৰ্ণ বিশ্ব জয় কৰিব পাৰে। বিশেষকৈ নাৰীৰ বাহ্যিক সুন্দৰতা বেছি সময় নাথাকে, যাৰ বাবে আত্মবিশ্বাসেই নাৰীৰ মূল শক্তি। এই আত্মবিশ্বাসেই পুৰুষক অজানিতে নাৰী প্ৰেমৰ প্ৰতি আকৰ্ষণ কৰে।