বহুগুণী কণীঃ কণ্ডিছনাৰকে ধৰি এনে কামতো ব্যৱহাৰ কৰিব পাৰি কণী…
নিয়মীয়া বাৰ্তা, ৫ নৱেম্বৰঃ কণী এবিধ সুষম খাদ্য। আমলেট, কাৰীৰ দৰে সহজ খাদ্য ৰূপে ব্যৱহাৰ কৰা কণীৰ আছে আন বহুতো গুণ। যিসমূহ জানিলে আপোনাৰ হ’ব পাৰে উপকাৰ। কণীৰ আন ব্যৱহাৰসমূহ এনেধৰণৰ-
কণ্ডিছনাৰঃ চুলিত আমি ব্যৱহাৰ কৰোঁ কণ্ডিছনাৰ। কিন্তু কেতিয়াবা যদি কণ্ডিছনাৰ বিচাৰি নাপায় ব্যৱহাৰ কৰিব পাৰে কণী। অলিভ অইলৰ লগত কণীৰ কুহুম মিশ্ৰণ কৰি চুলিত ছেম্পুৰ দৰে লগাওক। বজাৰত পোৱা কণ্ডিছনাৰতকৈও ভাল ফল দেখিবলৈ পাব আপুনি।
গছৰ বাবে উপকাৰীঃ কণী সিজোৱা পানী তথা কণীৰ খোলা গুড়ি কৰি গছৰ গুৰিত দিলে গছৰ শ্ৰীবৃদ্ধি হয়। বিশেষকৈ কণীৰ বাকলিয়ে গছক কেলছিয়ামৰ লগতে দিয়ে পোক- পতংগৰ পৰা সুৰক্ষা।
গহণা পৰিষ্কাৰঃ ৰূপৰ গহণাত সাধাৰণতে ক’লা দাগ পৰাৰ সম্ভাৱনা থাকে। অক্সিজেনৰ প্ৰভাৱতে এনেকুৱা হয়। কণীৰে কৰিব পাৰি পৰিষ্কাৰ। তাৰ বাবে বেছি সময় সিজাব লাগিব কণী। টান হৈ যোৱাকৈ সিজোৱা কণীৰ বাকলি গুচাই কুহুমটো এটা পাত্ৰত লৈ ঢাকনী মাৰি কুহুম গুড়ি হৈ যোৱাকৈ জোকাৰি দিয়ক। ইয়াৰ পিছত ঢাকনী খুলি গুড়ি হোৱা কণীৰ কুহুমৰ ওপৰত এখন পাতল কাগজ দিয়ক। কাগজৰ ওপৰত দিয়ক ৰূপৰ গহণা। ঢাকনী মাৰি থৈ দিয়ক দুদিন। দেখিব ক’লা দাগ নোহোৱা হৈ গৈছে। কণীয়ে এইক্ষেত্ৰত ডি-অক্সিডাইজাৰ হিচাপে কাম কৰিব।
তেজ বন্ধ কৰাঃ ঘৰত বা বাহিৰত কেতিয়াবা আঘাত লাগি তেজ ওলোৱাটো স্বাভাৱিক ঘটনা। এনে অৱস্থাত সিজোৱা কণীৰ বাকলি আৰু বগা অংশৰ মাজত এটা পাতল তৰপ থাকে। এই তৰপটো এৰুৱাই আনি লগাব পাৰে কটা অংশত। তেজ ওলোৱা বন্ধ হৈ যাব ততালিকে।
জোতা পৰিষ্কাৰঃ পুৰণি চমৰাৰ জোতাত বগা ঘূৰণীয়া দাগ পৰা দেখা যায়। এইক্ষেত্ৰত কণীৰ বগা অংশ কাপোৰেৰে জোতাত ঘহি পলিচ কৰিব পাৰে জোতা।
আঠাঃ ময়দা, চেনি আৰু কণীৰ বগা অংশ অকণমান পানীসহ মিশ্ৰণ কৰি তৈযাৰ কৰিব পাৰি আঠা।