নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আইআইটি খড়গপুৰৰ ছাত্র–ছাত্রীলৈ ৫ দিনত ১০০০ চাকৰিৰ প্রস্তাৱ

নিয়মীয়া বাৰ্তা,৮ ডিচেম্বৰঃ দেশৰ আগশাৰীৰ তথ্য–প্রযুক্তিৰ শিক্ষা প্রতিষ্ঠান আইআইটি খড়গপুৰৰ শিক্ষার্থীয়ে ৫ দিনত বিভিন্ন কোম্পানীৰ পৰা ১,০০০ চাকৰিৰ প্রস্তাৱ লাভ কৰিছে৷ শিক্ষা প্রতিষ্ঠানখনত চলি থকা সংস্থাপন মেলাত ১৪৪ বিভিন্ন দেশৰ ১৪৪টা কোম্পানীয়ে অংশ লৈ কেম্পাছ সাক্ষাৎকাৰ গ্রহণ কৰে৷ আজি আইআইটি খড়গপুৰৰ পৰা প্রকাশ পোৱা বিজ্ঞপ্তি মতে প্রতিষ্ঠানটোৰ শিক্ষার্থীয়ে জাপান আৰু আমেৰিকাৰ কোম্পানীকে ধৰি ১৪৪টা কোম্পানীৰ পৰা ৪১টা আন্তঃৰাষ্ট্রীয় বিষয়াৰ পদ গ্রহণ কৰিছে৷ ছফ্টৱেৰ, হার্ডৱেৰ, কনছাল্টিং, ক’ৰ ইঞ্জিনীয়াৰিং, বেংকিং আৰু ফাইনেঞ্চ ছেক্টৰৰ পৰা ১,০০০ চাকৰিৰ প্রস্তাৱ লাভ কৰিছে ছাত্র–ছাত্রীসকলে৷ প্রথম পর্যায়ত এই সংস্থাপন মেলা অহা ১১ ডিচেম্বৰলৈকে চলি থাকিব৷

You might also like